NORTHEAST NOW (Assamese)

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

June 16, 2025 2:18 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 16, 2025 2:19 pm

শিৱসাগৰ জিলাৰ ভটিয়াপাৰ বাৰীচুকস্থিত অ’এনজিচিৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ৰীগ নং RDS-147ৰ পৰা বিগত চাৰি দিন ধৰি ধাৰাসাৰ গেছ নিৰ্গত হৈ আছে। জানিব পৰা মতে এই ৰীগত এছ কে পেট্ৰ’ চাৰ্ভিচেছ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে  অ’এনজিচিৰ বাবে কাম কৰি আছিল। এই ৰিগৰ গেচ নিৰ্গমণৰ ঘটনাই স্থানীয়া লোকসকলক বিপদৰ মাজলৈ ঠেলি দিছে।  

অঞ্চলটোত প্ৰায় ১৫০০ লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে। গেছৰ প্ৰবাহ তথা গোন্ধৰ বাবে বাসিন্দাসকলে খাদ্য ৰন্ধা বা চৌকা জ্বলোৱাটো অসম্ভৱ হৈ পৰিছে। নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ৭০টা পৰিয়ালক বঙাইগাঁৱৰ ওচৰৰ এটা সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। শিবিৰত থকাসকলক জিলা প্ৰশাসনে ৰন্ধা খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে।

অ’এনজিচিৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে সেই ঠাইত অগ্নিকাণ্ড সংঘটিত হোৱা নাই আৰু কোনো লোক আহত হোৱা নাই। অ’এনজিচিৰ সঞ্চালক বিক্ৰম ছাক্সেনাৰ নেতৃত্বত সংকট ব্যৱস্থাপনা দলে এই লিক বন্ধ কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। পৰিস্থতি নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

তেল উৎপাদন নোহোৱা এটা পুৰণি ৰীগৰ নিয়মীয়া ৰক্ষণাবেক্ষণৰ কামৰ সময়তে গেছ লিক আৰম্ভ হৈছিল। দলটোৱে কাম-কাজ নতুন এলেকালৈ স্থানান্তৰিত কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত হঠাতে অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গত হয়। স্থানীয় স্বাস্থ্য বিভাগ আৰু পশুপালন বিভাগৰ চিকিৎসক উপস্থিত হৈ ৰাইজ আৰু তেওঁলোকৰ পশু জীৱ-জন্তুৰ স্বাস্থ্য পৰীক্ষা কৰি আছে। স্থানান্তৰ কৰা পৰিয়ালসমূহৰ বাবে সকলো ধৰণৰ সহায়-সহযোগ আগবঢ়োৱা হৈছে আৰু সকলোৰে সুৰক্ষা সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে।

স্থানীয় লোকসকল অ’এনজিচিৰ এই ধৰণৰ উদাসীনতা আৰু বিপজ্জনক প্ৰযুক্তি ব্যৱহাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। আৰু অতী শীঘ্ৰে এই সমস্যা সমাধানৰ কৰিবলৈ অহ্বান জনাইছে।

Related News