NORTHEAST NOW (Assamese)

দৰিদ্ৰতাৰ বাবে চৰম পন্থা গ্ৰহণৰ গোচৰত লখিমপুৰৰ উপায়ুক্তৰ পৰা উত্তৰ বিচাৰিছে আদালতে

October 30, 2023 11:32 am · এন ই নিউজ, গুৱাহাটী

লখিমপুৰত দৰিদ্ৰতাৰ বাবে দুই সন্তানক হত্যা কৰি এগৰাকী মহিলাই নিজেও চৰম পন্থা গ্ৰহণ কৰা গোচৰৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে লখিমপুৰ জিলা আয়ুক্তৰ পৰা উত্তৰ বিচাৰিছে।

বাতৰি অনুসৰি, গুৱাহাটী উচ্চতম ন্যায়ালয়ে চৰকাৰৰ দৰিদ্ৰতা নিৰাময় আঁচনিসমূহে কিয় পৰিয়ালটোক স্পৰ্শ কৰা নাছিল সেই বিষয়ে বাখ্যা দাঙি ধৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিছে।

লগতে পঢ়কঃ প্ৰাক্তন মন্ত্ৰী, বৰ্ষীয়ান কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ দেহাৱসান

যোৱা ২৬ জুনত দৰিদ্ৰতাৰ বাবে নিজৰ প্ৰাণ কাঢ়ি নিয়াৰ পূৰ্বে সৰুমাই পায়েঙে নিজৰ দুই সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোক লখিমপুৰ জিলাৰ নাওবৈচাত বাসিন্দা আছিল।

সৰুমাই পায়েঙৰ মৃত্যুৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে আদালতে।

ঘটনা অনুসৰি, সৰুমাই পায়েঙে তেওঁৰ স্বামীয়ে দৈনিক মজুৰি শ্ৰমিক হিচাপে কাম কৰিবলৈ ওলাই যোৱাৰ পিছত প্ৰথমে দুই পুত্ৰ-কন্যাক হত্যা কৰে ইয়াৰ পিছত নিজেও আত্মহননৰ পথ বাছি লয়।

লগতে পঢ়কঃসংসাৰৰ তাগিদা! দক্ষ হাতেৰে বাছৰ ষ্টিয়াৰিং ধৰি জীৱন যুঁজত এগৰাকী মহিলা; চেলুট নেটিজেনৰ

তেওঁৰ পুত্ৰ সন্তানটিৰ বয়স দুবছৰ আছিল আৰু কন্যা সন্তানটিৰ বয়স আছিল মাত্ৰ ১৫ দিন।

Related News