অখিল গগৈৰ জামিনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ
অখিল গগৈৰ ফাইল ছবি।
গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিনৰ ক্ষেত্ৰত বুধবাৰে স্থগিতাদেশ জাৰি কৰিছে।
উচ্চ ন্যায়ালয়ে ১৯ এপ্ৰিলত পুনৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰিব।
ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অখিল গগৈক পুনৰ জিম্মাত বিচাৰি ১৭ মাৰ্চত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
তদন্তকাৰী সংস্থাটোৱে ৯০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল নকৰাত এন আই এৰ আদালতে পূৰ্বে তেওঁক জামিন প্ৰদান কৰিছিল।
এন আই এৰ আদালতত সংস্থাটোৱে চাৰ্জশ্বীট দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰি আবেদন জনাইছিল।
এন আই এই যোৱা ১২ ডিচেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনক গ্ৰেপ্তাৰ কৰিছিল।
বৰ্তমান অখিল গগৈ চাবুৱা আৰক্ষীৰ জিম্মাত আছে।
তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০/১২৪ (এ)/ ১৫৩ (এ)/ ১৫৩ (বি) ধাৰাৰ লগতে বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।