NORTHEAST NOW (Assamese)

কোভিডৰ হটস্পট ৰাজ্যৰ কাৰাগাৰ: গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ল’লে গোচৰ

July 25, 2020 8:33 pm · এন ই নাও নিউজ

ৰাজ্যৰ কাৰাগাৰসমূহ এতিয়া মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ হটস্পট হৈ পৰিছে।

কাৰাগাৰৰ ভিতৰতে কোভিডত আক্ৰান্ত হৈছে কৃষক নেতা অখিল গগৈকে ধৰি আন বহু কেইজন লোক।

ৰাজ্যৰ কাৰাগাৰ সমূহৰ মহা পৰিদৰ্শক দশৰথ দাসে প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ ১০ খন কাৰাগাৰত এতিয়ালৈকে ৫৩৫ জন কাৰাবন্দী কোভিডত আক্ৰান্ত হৈছে।

ইয়াৰে ৪৩৫ জনেই হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী।

কাৰাগাৰ সমূহ কোভিডৰ হটস্পটত পৰিণত হোৱাৰ বিষয়টোক লৈ বিশিষ্ট আইনবিদ নিলয় দত্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ যোৱা ১৭ জুলাইত এখন পত্ৰ লিখিছিল।

উক্ত পত্ৰ খনৰ আঁত ধৰিয়েই গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰাগাৰৰ ভিতৰত কোভিডৰ সংক্ৰমণৰ বিষয়টোক লৈ নিজাববীয়াকৈ এক গোচৰ পঞ্জীয়ন কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ডপীঠে ৰাজ্যৰ কাৰাগাৰ সমূহৰ মহা পৰিদৰ্শকক কাৰাগাৰত কোভিডৰ সংক্ৰমণ সন্দৰ্ভত এক শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে আৰু এই সম্পৰ্কীয় গোচৰৰ পৰৱৰ্তী শুনানী ৮ ছেপ্তেম্বৰত লোৱা হ’ব বুলি ঘোষণা কৰিছে।

মুখ্য ন্যায়াধীশ গৰাকীয়ে কাৰাগাৰৰ ভিতৰত কিদৰে কোভিডৰ মহা সংক্ৰমণ হবলৈ পালে সে সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ ৰাজ্যৰ সকলো কাৰাগাৰৰ সকলো কাৰাবন্দীৰে কোভিডৰ পৰীক্ষা সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে।

Related News