‘প্ৰেমৰ সম্পৰ্কতো ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক দণ্ডনীয় অপৰাধ’, কিয় ক’লে গুৱাহাটী উচ্চ ন্যায়ালয়ে?

বিয়াৰ আগতে প্ৰেমৰ সম্পৰ্ক থাকিলেও নাৰীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো দণ্ডনীয় অপৰাধ। এই পৰ্যবেক্ষণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসে শেহতীয়াকৈ এটা পকচো (Protection of Children from Sexual Offences) গোচৰ খাৰিজ কৰাৰ আবেদন নাকচ কৰে।
হামিদুৰ ইছলাম নামৰ এজন অভিযুক্তই গোচৰ খাৰিজ কৰাৰ বাবে আবেদন দাখিল কৰিছিল। আবেদনখনত কোৱা হৈছিল যে তেওঁ আৰু মহিলাগৰাকীৰ পিতৃৰ সৈতে আপোচ মীমাংসা হৈছে। হামিদুৰে মহিলাগৰাকীক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিয়া বুলিও মহিলাগৰাকীৰ পিতৃক জনাইছে। সেয়ে তেওঁৰ বিৰুদ্ধে ধৰ্ষণ আৰু POCSO আইনৰ অন্যান্য ধাৰাত দাখিল কৰা গোচৰ খাৰিজ কৰিব লাগে।
আৰক্ষীৰ মতে, ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত মহিলাগৰাকীৰ পিতৃয়ে হামিদুৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। পিতৃয়ে অভিযোগ কৰে যে সেই বছৰৰ ২৫ জানুৱাৰীত তেওঁৰ পত্নী ঘৰত নাছিল। তাৰ সুযোগ লৈ হামিদুৰে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি তেওঁলোকৰ ১৭ বছৰীয়া কন্যাক ধৰ্ষণ কৰে। আৰক্ষীয়ে তদন্ত কৰি ৩০ এপ্ৰিলত নিম্ন আদালতত অভিযোগনামা দাখিল কৰে।
গুৱাহাটী উচ্চ ন্যায়ালয়ত হামিদুৰৰ অধিবক্তা এন জে দত্তই জনোৱা মতে, ২০২৫ চনৰ ৩০ মে’ত তেওঁৰ ক্লায়েণ্ট আৰু মহিলাগৰাকীৰ পিতৃৰ মাজত আপোচ মীমাংসা হৈছিল। তেওঁৰ ক্লায়েণ্টে মহিলাগৰাকীক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিছে। মহিলাগৰাকী নাবালক হ’লেও হামিদুৰৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। দৰা-কইনাৰ পৰিয়ালে তেওঁলোকৰ বিবাহৰ বাবে একমত।
মহিলাগৰাকীৰ পিতৃয়ে উচ্চ ন্যায়ালয়ত সুকীয়াকৈ শপতনামা দাখিল কৰি কয় যে হামিদুৰৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ খাৰিজ হ’লে তেওঁৰ কোনো আপত্তি নাই। একে সময়তে উত্তৰ-পূব সংখ্যালঘু ছাত্ৰ সন্থাৰ হেঁচাত হামিদুৰৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰিছিল বুলিও কয়।
অৱশ্যে এই গোচৰ খাৰিজ কৰাৰ বিৰোধিতা কৰে চৰকাৰী অধিবক্তা এম পি গোস্বামীয়ে। তেওঁ আদালতত কয় যে অভিযোগকাৰীৰ কন্যাই আৰক্ষী আৰু দণ্ডাধীশক দিয়া বক্তব্যৰ পৰা স্পষ্টকৈ দেখা গৈছে যে অভিযুক্তই ধৰ্ষণ কৰিছিল।
সকলো পক্ষৰ যুক্তি শুনি আৰু আৰক্ষী আৰু দণ্ডাধীশক দিয়া বক্তব্য পৰীক্ষা কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে হামিদুৰৰ আবেদন খাৰিজ কৰি কয় যে প্ৰেমৰ সম্পৰ্কত হ’লেও নিজৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো দণ্ডনীয় অপৰাধ।