NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত চোৰাং কাঠসহ বাহন জব্দ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ March 4, 2022 2:53 pm
কাজিৰঙাত চোৰাং কাঠসহ বাহন জব্দ

কাজিৰঙাত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ।

শুক্ৰবাৰে বন বিভাগে অভিযান চলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰে এএছ০৬এচি ৩১৮৫ নম্বৰৰ কাঠ ভৰ্তি ট্ৰাকখন‌।

কাৰ্বি আংলঙৰ ৰংবংৱেৰ পৰা অনা চোৰাং কাঠখিনি কলিয়াবৰ অভিমুখে লৈ যোৱাৰ সময়তে বন বিভাগে জব্দ কৰে ।

বন বিভাগে কাঠখিনি জব্দ কৰিছে যদিও ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰিছে ।

উল্লেখ্য যে ৰাজ্যৰ ভিন্নপ্ৰান্তলৈ কাৰ্বি আংলঙৰ ৰংবংৱে আৰু ৰঙাগৰা আদি অঞ্চলৰ পৰা কোনো বৈধ নথিপত্ৰ নোহোৱাকৈয়ে কাঠৰ সৰবৰাহ অব্যাহত আছে ।