NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও পৌৰসভা এলেকাত ড্ৰাই ডে ঘোষণা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 4, 2022 2:12 pm

অহা ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও পৌৰসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই পৌৰসভা এলেকাত ড্ৰাই ডে ঘোষণা কৰিছে ।

সেই অনুসৰি ৪ মাৰ্চৰ বিয়লি ৪ বজাৰ পৰা ৬ মাৰ্চৰ বিয়লি ৪ বজালৈ আৰু ৯ মাৰ্চত ভোট গণনা শেষ নোহোৱা পৰ্যন্ত বঙাইগাঁও পৌৰসভা এলেকাৰ অন্তৰ্গত অনুজ্ঞাপত্ৰ থকা সকলো ধৰণৰ সুৰাৰ দোকান বন্ধ ঘোষণা কৰিছে।

অসম আবকাৰী আইনৰ নিৰ্দিষ্ট বিধি অনুসৰি এই সময়ছোৱাত অনুজ্ঞা পত্ৰ নথকা কোনো স্থানত সুৰা মজুত ৰাখিলে বা বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ৷

উল্লেখ থাকে যে যদি কোনো এলেকাত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলগীয়া হয় তেনেহ’লে সেই সময়ছোৱাতো ড্ৰাই ডে বলৱৎ থাকিব।