NORTHEAST NOW (Assamese)
অসম

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2025 12:30 pm

অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭৭১ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক চাটাই কৰাৰ সিদ্ধান্তক সমৰ্থন জনালে গুৱাহাটী উচ্চতম ন্যায়ালয়ে। লগতে, এই নিযুক্তিৰ সময়ত হোৱা ব্যাপক অনিয়মৰ বিষয়েও আলোচনা কৰে আদালতে।

অভিযোগ অনুসৰি, অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী আৰু খগেন্দ্ৰ নাথ চেতিয়াৰ অধীনত যথাযথ পদ্ধতি মানি নোলোৱাকৈ ২,২৭৪ জন কৰ্মচাৰীক চুক্তিবদ্ধভাৱে নিযুক্তি দিয়া হৈছিল।

অনুসন্ধানত প্ৰকাশ পাইছে যে নিযুক্তিৰ সময়ত সংৰক্ষণ নীতি, সাক্ষাৎকাৰ, আৰু সঠিক নিৰ্বাচন প্ৰক্ৰিয়াৰ দৰে গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাসমূহ আওকাণ কৰা হৈছিল।

চাকৰিৰ পৰা বৰ্খাস্ত কৰা কৰ্মচাৰীসকলে আদালতত এই নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল যদিও উচ্চ ন্যায়ালয়ে তিনিটা মূল নিৰ্দেশনা স্পষ্ট কৰি দিছিল: অনুমোদিত পদ আনুষ্ঠানিকভাৱে পূৰণ নোহোৱালৈকে কৰ্মচাৰীসকল সেৱাত থাকিব লাগিব। খালী পদ ঘোষণা হোৱাৰ পিছত কৰ্মচাৰীসকলে নিৰ্ধাৰিত পৰীক্ষা বা সাক্ষাৎকাৰৰ জৰিয়তে প্ৰতিযোগিতাত অৱতীৰ্ণ হব লাগিব। ২০২৩ চনৰ পৰা বৰ্তমানৰ ভিতৰত কোনো ধৰণৰ দৰমহাৰ দাবী কৰিব নোৱাৰিব।

পৰিবহণ বিভাগে প্ৰাক্তন পৰিচালন সঞ্চালকসকললৈ কাৰণ দেখুৱাই জাননী প্ৰেৰণ কৰি চৰকাৰী নীতি-নিয়ম উলংঘা কৰাৰ বাবে তেওঁলোকক জগৰীয়া কৰিছে।

বিভাগটোৱে ৬০ দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া শেষ কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ পিছত সকলো নিয়ম বৰ্হিভূতভাবে নিযুক্তিপ্ৰাপ্ত সকলোকে আনুষ্ঠানিকভাবে বৰ্খাস্ত কৰা হ’ব।