NORTHEAST NOW (Assamese)

গৌৰৱ গগৈক লোকসভাত কংগ্ৰেছ দলৰ উপ দলপতি হিচাপে নিযুক্তি

August 28, 2020 6:36 am · এন ই নাও নিউজ
সংসদত গৌৰৱ গগৈ। ফাইল ফটো

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰাক্ মুহূৰ্তত সাংসদ গৌৰৱ গগৈক লোকসভাত কংগ্ৰেছ দলৰ উপ দলপতি হিচাপে নিযুক্তি দিয়া হৈছে।

কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীয়ে বৃহস্পতিবাৰে গগৈক নিম্ন সদনখনত দলটোৰ উপ দলপতি হিচাপে  নিযুক্তি দিয়ে।

লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী আৰু নিম্ন সদনখনত দলটোৰ মুখ্য সচেতক কে সুৰেশে এই কথা নিশ্চিত কৰিছে।

অহা ১৪ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰাক্ মুহূৰ্ততে এই নিযুক্তি দিয়া হৈছে।

দলৰ নেতাসকলে কয় যে নিম্ন সদনৰ মজিয়াত কংগ্ৰেছ দলটোৰ শক্তি বৃদ্ধি কৰিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এতিয়ালৈকে লোকসভাত বিৰোধী দলৰ এগৰাকী উপ দলপতি নাছিল।

পঞ্জাৱৰ তিনিবাৰৰ সাংসদ বিট্টুক লোকসভাৰ কংগ্ৰেছৰ হুইপৰ দায়িত্ব অৰ্পন কৰা হৈছে।

কেৰালাৰ আন এগৰাকী সাংসদ মনিক্কাম ঠাকুৰ নিম্ন সদনখনত দলৰ আন এগৰাকী হুইপ হিচাপে থাকিব।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ।

Related News