NORTHEAST NOW (Assamese)

বৰপেটাবাসীৰ ওচৰত ৰঞ্জিত দাস-হিমন্ত বিশ্বক ক্ষমা খোজাৰ দাবী গৌৰৱ গগৈৰ

April 17, 2019 9:05 pm · পুলেন্দ্ৰ দাস
Updated: April 17, 2019 9:06 pm

অগপৰ দূৰ্গ হিচাপে বিবেচিত বৰপেটা চহৰত আজি কংগ্ৰেছ দলে নিৰ্বাচনী ৰণ দন্দুভি বজায়। বৰপেটা চহৰৰ ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে কয়, ‘বৰপেটাক পাকিস্তান বুলি কৈ বৰপেটাবাসীক অপমানিত কৰা বিজেপি নেতা ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাই বৰপেটাবাসীৰ ওচৰত ক্ষমা খোজা উচিত।’

আনহাতে কোন চকীদাৰে প্ৰতিমাহে বিদেশ ভ্ৰমণ কৰে বুলি প্ৰশ্ন উত্থাপন কৰি নৰেন্দ্ৰ মোদীকো আক্ৰমণৰ লক্ষ্য কৰি লয় গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ প্ৰচাৰৰ বাবে আয়োজিত আজিৰ নিৰ্বাচনী সভাত দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কেইবা গৰাকী কংগ্ৰেছ নেতাই ভাষণ প্ৰদান কৰে।

সভাত আব্দুল খালেকে লোকসভা নিৰ্বাচনৰ পিছতে অগপ সভাপতি অতুল বৰাসহ দলটোৰ কেইবা গৰাকী নেতাই বিজেপিত যোগদান কৰিব বুলি বিষ্ফুৰক মন্তব্য কৰে। উক্ত নিৰ্বাচনী সভাৰ পিছতে বৰপেটাৰ মহীৰূহ তথা বৰপেটা সত্ৰৰ ইতিহাস গ্ৰন্থৰ লিখক, বিশিষ্ট সাহিত্যিক, সাংবাদিক গোকুল পাঠকৰ বাসগৃহলৈ গৈ আশীৰ্বাদ লয় আব্দুল খালেকে।

উল্লেখযোগ্য যে অহা ২৩ এপ্ৰিলত বৰপেটাত চলিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Related News