NORTHEAST NOW (Assamese)
অসম

ৰূপহীহাটত দুৰ্ঘটনাস্থলীৰ সামূহিক দোৱাত সাংসদ গৌৰৱ গগৈ : নিহতৰ পৰিয়াললৈ আগবঢ়ালে দৰমহাৰ ধন

Posted by: মিণ্টু দাস September 24, 2018 6:35 am
91f4b9bd-28e8-4728-a71c-bfb3c99ce9e1

ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱালত বিদ্যুৎ বিভাগৰ গাফিলতিত মৃত্যুবৰণ কৰা ৬ জন লোকৰ আত্মাৰ চিৰশান্তি কামনা কৰি দেওবাৰে আয়োজিত সমূহীয়া দোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। অনুষ্ঠানত ভাগ লৈ সাংসদগৰাকীয়ে নিজৰ দৰমহাৰ পৰা প্ৰতিটো পৰিয়াললৈ পাঁচ হাজাৰ  টকাকৈ এককালীন সাহায্য আগবঢ়ায়।

ইয়াৰ পিছত মাহেৰীপাৰত যোৱা শুকুৰবাৰে অগ্নিকাণ্ডত ভস্মীভূত হোৱা ৬ টা পৰিয়ালৰ ঘৰলৈ গৈ গগৈয়ে দুৰ্ভগীয়াসকলৰ অৱস্থাৰ বুজ লয়। তদুপৰি সাংসদ গৌৰৱ গগৈয়ে ধিং সমষ্টিৰ জুৰিয়া ব্লকৰ অন্তৰ্গত দগাঁও ধিং গাঁও মণ্ডল কংগ্ৰেছৰ সভাপতি প্ৰয়াত ইমৰান হুছেইনৰ জানাজাৰ নামাজতো অংশগ্ৰহণ কৰি আত্মাৰ চিৰশান্তি কামনা কৰে।

বিয়লিলৈ জুৰীয়া বজাৰস্থিত ৰাজীৱ ভৱনত উপস্থিত হৈ সাংবাদিকৰ সৈতে মত বিনিময় কৰি এ আই ইউ ডি এফ দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে সাংসদগৰাকী। সাংবাদিকৰ আগত সাংসদগৰাকীয়ে এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা কোনো কাৰণত সম্ভৱ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

সাংসদ গগৈয়ে লগতে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি কয় যে এইখন চৰকাৰৰ দিনত পেট্ৰ’ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে। চৰকাৰী পক্ষই মূল্য বৃদ্ধি ৰোধৰ ওপৰত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱৰাৰ দায়িত্ব স্বীকাৰ কৰা উচিত।

ৰাইজক দিয়া প্ৰতিশ্ৰুতি তিলমানো গুৰুত্ব নিদিয়া চৰকাৰৰ শাসনৰ গাদীত থকাৰ নৈতিক অধিকাৰ নাই বুলি মন্তব্য কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ গগৈয়ে। এই সমূহ কাৰ্যসূচীত সাংসদগৰাকীক সংগদান দিয়ে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ লগতে বহু সংখ্যক দলীয় কৰ্মীয়ে।