NORTHEAST NOW (Assamese)
অসম

‘আছুৰ আন্দোলন চৰকাৰী আন্দোলন’; গুৱাহাটীত কোনে ক’লে ?

Posted by: দ্বীপজ্যোতি শৰ্মা Updated by: দ্বীপজ্যোতি শৰ্মা February 19, 2020 3:19 pm
Mehda Patker

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈক সাক্ষাৎ নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰৰ।

লগত আছিল Asha for Education ৰ প্ৰতিষ্ঠাপক ৰামন মেগাছেছে(২০০২) বঁটা প্ৰাপক সন্দীপ পাণ্ডে।

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত সাক্ষাৎ কৰে নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী তথা Right Livelihood বঁটা প্ৰাপক বিশিষ্ট সমাজ কর্মী মেধা পাটকাৰে।

লগত আছিল Asha for Education ৰ প্ৰতিষ্ঠাপক ৰামন মেগাছেছে(২০০২) বঁটা প্ৰাপক সন্দীপ পাণ্ডে৷

সাক্ষাৎ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত সন্দীপ পাণ্ডেই কয় কা বিৰোধী আন্দোলনত চৰকাৰে থিয় কৰাইছে আছুক ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনক বন্ধ কৰাৰ বাবে অখিল গগৈক জে’লত ভৰাইছে আৰু কৰিছে থিয় কৰাইছে আছুক ৷

‘২০১৮ চনৰ ডিচেম্বৰৰ আন্দোলনত মই আহিছিলো তেতিয়াতো আছুক দেখা নাছিলো’ বুলি মন্তব্য সন্দীপ পাণ্ডেই কয় যে চৰকাৰৰ চৰ্ত মানি আন্দোলন কৰিছে আছুৱে ৷

‘আছুৰ আন্দোলনক চৰকাৰী আন্দোলন৷’ বুলিও মন্তব্য কৰে সন্দীপ পাণ্ডেই৷

মেধা পাটকাৰে কয় যে জে’লত পৰ্যাপ্ত সা সুবিধা নাই ৷ চৰকাৰে ভয় কৰে সত্যাগ্ৰহীক ৷

অসম পুলিচ অসমৰ্থ নেকি বুলি প্ৰশ্ন কৰি পাটকাৰে কয় ‘চৰকাৰে অখিল গগৈক কিয় নিয়াক দিব লাগে? এয়া এক ৰাজনৈতিক চক্ৰান্ত ৷ নাগৰিকৰ কোনো বিল সমৰ্থন কৰা বা বিৰোধ কৰাৰ সাংবিধানিক অধিকাৰ আছে৷ ব্ৰিটিছ চৰকাৰতকৈও কঠোৰ এই চৰকাৰ।আনকি ব্ৰিটিছ চৰকাৰে নকৰা কামো কৰিছে এই ফেচিষ্ট চৰকাৰে৷’

এনআৰচিৰ ওপৰতো মন্তব্য কৰে মেধা পাটকাৰে৷ ‘কৃষক মুক্তি সংগ্ৰাম সমিতি এক ৰাজনৈতিক কাৰক হৈ পৰিছে বিজেপিৰ বাবে সেয়ে অখিল গগৈক জে’লত ভৰাইছে।’ এই বুলি কয় নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী গৰাকীয়ে ৷

‘অখিল গগৈৰ বিৰুদ্ধ নাই কনো প্ৰমাণ।নিয়াই হস্তক্ষেপ কৰাটো মই উচিত বুলি নাভাবো ৷ অখিল গগৈৰ সভাত লাখ লাখ মানুহ আহে।’

‘অখিল গগৈ মাওবাদী হ’বই নোৱাৰে। তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ দিব পৰা নাই চৰকাৰে।’ অখিল গগৈক বিনা চৰ্তে মুকলি কৰাৰ দাবী উত্থাপন কৰে বিশিষ্ট নেত্ৰীগৰাকীয়ে।