NORTHEAST NOW (Assamese)

হিমন্ত বিশ্ব শৰ্মাৰ মুখত ভূমি চুক্তিৰ কথা শুনাটো এক বিড়ম্বনা: মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

September 17, 2023 8:42 am · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ কংগ্ৰেছৰ সাংসদ তথা লোকসভাত কংগ্ৰেছ দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক “ভাৰতৰ পৰা উত্তৰ-পূবৰ মানচিত্ৰ নোহোৱা” কৰা বিষয়টোক লৈ প্ৰত্যুত্তৰ দিছে।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয়, ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমি চুক্তিৰ কথা কোৱাটো শুনিবলৈ এক বিড়ম্বনা যেন লাগিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনিমেটেড ভিডিঅ’ত দেখুওৱা মানচিত্ৰক লৈ কংগ্ৰেছ দলক সমালোচনা কৰা এক ভাষ্যৰ প্ৰতি সঁহাৰি জনাইছিল গগৈয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মাজত সমস্যাক লৈ যুক্তিৰ যুঁজ চলা এনিমেটেড সংস্কৰণৰ ভিডিঅ’টোত অভিযোগ মতে ভাৰতৰ এখন মানচিত্ৰও দেখা গৈছে য’ত ইয়াৰ পৰা উত্তৰ-পূবৰ মানচিত্ৰখন হেৰাই গৈছে।

‘’কংগ্ৰেছ দলে যেন গোপনে উত্তৰ-পূবৰ সমগ্ৰ মাটি কোনোবা চুবুৰীয়া দেশক বিক্ৰী কৰাৰ চুক্তি কৰিছে। এই কাৰণেই ৰাহুল বিদেশলৈ গ’ল নেকি? নে দলে শ্বাৰ্জিল ইমামক সদস্যপদ দিছে?”-ছ’চিয়েল মিডিয়াত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অৱশ্যে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৌৰৱ গগৈয়ে তেওঁৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ সৈতে জড়িত কোম্পানীক চৰকাৰী ৰাজসাহায্যৰ অনুমোদন দিয়াৰ অভিযোগ উত্থাপনেৰে প্ৰশ্ন কৰি প্ৰত্যুত্তৰ দিয়ে।

মুখ্যমন্ত্ৰীৰ বক্তব্যক ‘বিড়ম্বনা’ বুলি অভিহিত কৰাৰ সময়তে গৌৰৱ গগৈয়ে কয় যে, ‘‘নিজৰ পৰিয়ালৰ সৈতে জড়িত কোম্পানীসমূহৰ প্ৰেক্ষাপটত ঠিক সেই বিষয়টো তেওঁ অসমত উত্তৰ দিবলৈ এৰাই চলিছে । এই কোম্পানীবোৰে কিমান কৃষিভূমি ক্ৰয় কৰিছে সেই বিষয়ে উল্লেখ কৰক।”

ইয়াৰ পূৰ্বে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “ব্যক্তিগত স্বাৰ্থত নিজৰ ক্ষমতাৰ অপব্যৱহাৰ” কৰা বুলি অভিযোগ কৰি পদত্যাগ দাবী কৰিছিল।

সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন এটা সংবাদ মাধ্যমৰ বৃহৎ কৃষিভূমিৰ প্লট অধিগ্ৰহণ কৰি পৰৱৰ্তী সময়ত কম সময়ৰ ভিতৰতে ঔদ্যোগিক সম্পত্তিলৈ ৰূপান্তৰিত কৰাৰ অভিযোগৰ বিস্তৃত তদন্তৰ দাবী জনায়।

মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ মালিকানাধীন কোম্পানী এম/এছ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টক প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত ১০ কোটি টকাৰ চৰকাৰী অনুদানৰ অনুমোদন কেন্দ্ৰ কৰি এই বিতৰ্কৰ সৃষ্টি হৈছে।

তেওঁ যুক্তি দিছিল যে অত্যধিক জি এছ টি, ব্যয়বহুল গেছ চিলিণ্ডাৰ, আৰু টোল টেক্সৰ বোজা জনসাধাৰণৰ কান্ধত জাপি দি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন কোম্পানী এটাক লাভৱান কৰিব নালাগে।

Related News