NORTHEAST NOW (Assamese)

 পুনৰবাৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সিদ্ধান্তৰ বিৰোধিতা গৌৰৱ গগৈৰ

September 22, 2025 10:04 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আধ্যত্মিক অন্তিম যাত্ৰাৰ প্ৰাকমুহূৰ্তত দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ লোৱা সিদ্ধান্তক লৈ আপত্তি কৰিছে।

আজি এক বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, প্ৰয়াত শিল্পীগৰাকীৰ মৃতদেহ ছিংগাপুৰৰ পৰা অনাৰ পিছত নতুন দিল্লীস্থিত আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিছিল। এইক্ষেত্ৰত চৰকাৰে গাফিলতি কৰিলে। পৰৱৰ্তী সময়তো দেওবাৰৰ দিনটোত অৰ্থাৎ ২১ ছেপ্টেম্বৰ দিনটোত গুৱাহাটীলৈ আনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰিব পাৰিলেহেতেন। তাকে নকৰি অন্ত্যেষ্টিক্ৰিয়াৰ কেইঘণ্টামান পূৰ্বে পুনৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ওলোৱা বিষয়টোৱে শিল্পীজনৰ প্ৰতি আধ্যাত্মিক সন্মান প্ৰদৰ্শন কৰা নহ’ব। বিষয়টোৰ আধ্যাত্মিক গুৰুত্ব বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইয়াৰ লগতে, তদন্ত প্ৰক্ৰিয়া যেনেধৰণে আগবাঢ়িব লাগিছিল তেনেধৰণে আগনবঢ়াত তেওঁ উদ্বেগ প্ৰকাশ কৰে।

Related News