NORTHEAST NOW (Assamese)
অসম

‘মুখ্যমন্ত্ৰী হোৱাৰ অযোগ্য’: ‘পাকিস্তানী এজেণ্ট’ দাবীক লৈ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে গৌৰৱ গগৈয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2025 1:39 pm

অসম কংগ্ৰেছৰ মুৰব্বী গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ নেতৃত্ব দিবলৈ “অযোগ্য” বুলি অভিহিত কৰিছে।  

মুখ্যমন্ত্ৰীয়ে গগৈক “এটা বিদেশী শক্তিৰ দ্বাৰা নিয়োজিত কৰা পাকিস্তানী এজেণ্ট” বুলি অভিযোগ উত্থাপন কৰাৰ এদিন পিছতে গগৈয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় যে এই মন্তব্যই মুখ্যমন্ত্ৰীৰ “ক্ষমতা হেৰুৱাৰ ক্ৰমবৰ্ধমান ভয়” উদঙাই দিছে। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালে মুক্তি পোৱাৰ দিনাই অভিযোগ উত্থাপন হোৱা বুলি আঙুলিয়াই দি তেওঁ অভিযোগৰ সময়ক লৈও প্ৰশ্ন উত্থাপন কৰে।

গগৈয়ে এক্স পোষ্টl কয়, “বিগত কেইমাহমানৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে। কালি যেতিয়া সমগ্ৰ ৰাজ্যই জুবিন গাৰ্গৰ শেষবাৰৰ বাবে অভিনয় কৰা ৰৈ ৰৈ বিনালে চাই আছিল, তেতিয়া মুখ্যমন্ত্ৰীৰ মন্তব্যই তেওঁৰ ক্ষমতা হেৰুৱাৰ ক্ৰমবৰ্ধমান ভয়কে দেখুৱাইছিল। অসমৰ ৰাইজৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ কিয় অযোগ্য এইটো তাৰ আন এক উদাহৰণ।”

মুখ্যমন্ত্ৰী শৰ্মাই বাৰে বাৰে দাবী কৰি আহিছে যে গগৈৰ ব্ৰিটিছ পত্নীৰ জৰিয়তে পাকিস্তানৰ সৈতে সম্পৰ্ক আছে, অভিযোগৰ সমৰ্থনত তেওঁৰ হাতত প্ৰমাণ আছে বুলিও জোৰ দিছে। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে এই অভিযোগ পুনৰবাৰ উল্লেখ কৰি কংগ্ৰেছৰ সাংসদগৰাকীক “পাকিস্তানী এজেণ্ট” বুলি অভিহিত কৰি তেওঁক “বিদেশী শক্তিয়ে নিয়োজিত কৰা” বুলি দৃঢ়তাৰে কয়।

লোকসভাত কংগ্ৰেছৰ উপ-দলপতি হিচাপে থকা গগৈয়ে এই অভিযোগক ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি উলাই কৰি কয় যে এই অভিযোগে মুখ্যমন্ত্ৰীৰ হতাশা প্ৰকাশ কৰিছে।