সাংবাদিক গৌৰী লংকেশ হত্যাকাণ্ডৰ অন্যতম অভিযুক্তৰ জামিন লাভ

সাংবাদিক গৌৰী লংকেশ হত্যাকাণ্ডৰ অন্যতম অভিযুক্তই জামিন লাভ কৰিছে। দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত অভিযুক্ত মোহন নাইক এনক কৰ্ণাটক উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে। এই গোচৰত অভিযুক্তসকলৰ কোনোৱে প্ৰথমবাৰৰ বাবে জামিন লাভ কৰিছে।
আদালতৰ সূত্ৰ অনুসৰি সাংবাদিক গৌৰী লংকেশৰ হত্যাৰ পৰিকল্পনাৰ অন্যতম অভিযুক্ত আছিল মোহন নাইক। ২০১৮ চনৰ পৰা ৫ বছৰতকৈ অধিক সময় আৰক্ষীৰ জিম্মাত আছিল। কিন্তু, মোহনে আদালতত আবেদন জনায় যে গোচৰৰ নিষ্পত্তি পলম হৈছে। অৱশ্যে ইয়াৰ পূৰ্বে কেইবাবাৰো আদালতে মোহনৰ জামিন আৱেদন নাকচ কৰিছিল।
লগতে পঢ়কঃ অভূতপূৰ্ব! আমাৰ সূৰ্য্যটো দেখিবলৈ কেনেকুৱা? দেখুৱাই দিলে সৌৰযান আদিত্যই
অৱশেষত শুকুৰবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন মঞ্জুৰ কৰে। ন্যায়াধীশ বিশ্বজিৎ শ্বেটাৰীৰ একক বিচাৰপীঠে এক লাখ টকাৰ ব্যক্তিগত বণ্ডত মোহনৰ জামিন মঞ্জুৰ কৰে।
উল্লেখ্য যে ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বেংগালুৰুৰ ঘৰৰ বাহিৰত সাংবাদিক গৌৰী লংকেশক গুলীয়াই হত্যা কৰা হৈছিল। মটৰবাইকত উঠি তিনিজন লোক আহি গুলীয়াই হত্যা কৰিছিল সাংবাদিকগৰাকীক। গৌৰী লংকেশক হত্যা কৰাৰ কাৰণ স্পষ্ট নহয়। অৱশ্যে তেওঁ হিন্দুত্ববাদী ৰাজনীতিক সমালোচনা কৰিছিল।
লগতে পঢ়কঃ চাকৰি দিম বুলি ধন লৈ চাকৰি নিদিলে মহিলাই : ধৰ্ষণ আৰু হত্যা কৰি প্ৰতিশোধ নিৱনুৱা যুৱকৰ
সেই ঘটনাৰ পিছৰ পৰা এতিয়াও গোচৰটো চলি আছে। অভিযোগনামাত থকা ৫২৭ জন ব্যক্তিৰ ভিতৰত বিগত দুবছৰত মাত্ৰ ৯০ জনৰহে সাক্ষ্য লোৱা হৈছে। স্বাভাৱিকতে এই গোচৰটোৰ যে শীঘ্ৰে নিষ্পত্তি নহ’ব সেয়া আদালতে স্পষ্ট কৰি দিছে।