NORTHEAST NOW (Assamese)
অসম

নলবাৰীত সাতগৰাকী মহিলা উদ্যোগীৰ প্ৰচেষ্টাত শুভাৰম্ভ ‘ছেভেন ছিষ্টাৰ্ছ’ৰ

Posted by: এন ই নাও নিউজ May 9, 2018 3:08 pm
agarbatti-500x500

নলবাৰী জিলাৰ পাইকাৰকুছিৰ ওচৰৰ আহিনপুৰৰ সাতগৰাকী মহিলা উদ্যোগীৰ প্ৰচেষ্টাত স্থাপন কৰা জোনাকী ধূপ উদ্যোগৰ দ্বাৰা মঙলবাৰে ‘ছেভেন ছিষ্টাৰ্ছ’ নামৰ এবিধ ধূপৰ আনুষ্ঠানিকভাৱে বিক্ৰী আৰম্ভ কৰা হয়।

নলবাৰী সমষ্টিৰ বিজেপি বিধায়ক অশোক শৰ্মাই উক্ত ধূপ বিক্ৰীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি ভাষণত কয় যে অসমীয়া মানুহৰ খুব কম সংখ্যকেহে কোনো এটা কামত নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে।

তেওঁ ছেভেন ছিষ্টাৰ্ছৰ মহিলাসকলক পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াই এই উদ্যোগটো গঢ়ি তোলাত সহায় কৰে।

বিধায়কগৰাকীয়ে প্ৰদান কৰা ৫০ হাজাৰ টকাৰে মহিলাসকলে দেখুওৱা আদৰ্শক তেওঁ ভূয়সী প্ৰশংসা কৰে। পৰৱৰ্তী সময়ত মহিলাসকল ওলাই আহিলে তেওঁ উপযুক্ত সহায়েৰে আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

বিশিষ্ট ব্যক্তি জিতেন বৰ্মণৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে মহিলাসকলৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ যুৱক-যুৱতীসকলক চৰকাৰী চাকৰিৰ পিছত দৌৰাৰ বিপৰীতে আত্মসংস্থাপনৰ পথ মুকলি কৰাৰ বাবে আহ্বান জনায়।

সভাত ভাষণ দি প্ৰশিক্ষক দেৱজিৎ বৰাই কয় যে এইসকল মহিলাক সমাজে সহযোগ আগবঢ়ালে তেওঁলোক অধিক আগবাঢ়ি যাব পাৰিব। 

এই ধূপ উদ্যোগটো আৰম্ভ কৰা মহিলা কেইগৰাকী হ’ল গীতিমা বৰ্মণ, পিংকি বৰ্মণ, মমী বৰ্মণ, মঞ্জু বৰ্মণ, ৰীতা বৰ্মণ, বৰ্ণালী বৰ্মণ আৰু সুজলা বৰ্মণ।