NORTHEAST NOW (Assamese)
অসম

উজনিত পুনৰ সক্ৰিয় খাৰুৱা তেলৰ চোৰাং সৰবৰাহকাৰী; তেল চুৰিত নামিছে অনা অসমীয়া তেল চোৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ August 6, 2022 12:55 pm

উজনিত পুনৰ সক্ৰিয় খাৰুৱা তেলৰ চোৰাং সৰবৰাহকাৰী চক্ৰ। এইবাৰ তেল চুৰিত নামিছে অনা অসমীয়া তেল চোৰ। গৌৰিসাগৰ আৰক্ষীৰ জালত পৰিছে খাৰুৱা তেল চুৰিৰ লগত জড়িত ৪ জন লোক।

গৌৰিসাগৰ আৰক্ষীয়ে ৪৮ ড্ৰাম চোৰাং খাৰুৱা তেল সহ এখন ট্ৰাক জব্দ কৰে।

ট্ৰাকখনৰ চালক, হেন্দিমেন উত্তৰ প্ৰদেশৰ অমৰজিত আৰু হৰ্চ পালক গ্ৰেপ্তাৰ কৰি সোধা পোচা কৰাৰ পিছত চোৰাং খাৰুৱা তেলৰ ড্ৰাম সমুহ তিনিচুকীয়াৰ এটা গোডামৰ পৰা অনা বুলি স্বীকাৰ কৰে।

লগতে পঢ়ক: অৱশেষত মুকলি আকাশৰ তললৈ আহিল বক্সাৰ মাইনা চুতীয়া ওৰফে প্ৰণীতা চুতীয়া

চালক-হেন্দিমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত গৌৰিসাগৰ আৰক্ষীৰ এটা দলে তিনিচুকীয়াৰ পৰা দয়ানিধন গুপ্তা আৰু প্ৰেম দৰ্শন সিং নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে সুদুৰ কানপুৰৰ পৰা তিনিচুকীয়াত ভাৰা ঘৰ লৈ দয়ানিধন গুপ্তা নামৰ অনা অসমীয়া লোকজনে চলাই আছিল খাৰুৱা তেলৰ চোৰাং কাৰোবাৰ।

ধৃত দয়ানিধন গুপ্তাৰ ভাৰা গৃহৰ কাষতে থকা এটা গুডামৰ পৰা খাৰুৱা তেল চুৰিৰ লগত জড়িত বহু সামগ্ৰী উদ্ধাৰ কৰি তিনিচুকীয়া আৰক্ষীক চমজাই দিয়ে।

লগতে পঢ়ক: টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত দাউ দাউকৈ জ্বলিল টেংকাৰ

প্ৰেম দৰ্শন সিং নামৰ লোকজনক আৰক্ষীৰ চকুত ধুলি দিবলৈ চোৰাং খাৰুৱা তেল খিনি জ্বলা মবিলৰ ভূৱা জিএছটি বিল দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে গৌৰিসাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।