NORTHEAST NOW (Assamese)

ক্ৰিকেট ষ্টেডিয়ামত সুৰা নিষিদ্ধ কৰাৰ দাবী প্ৰাক্তন অপেনিং বেটছমেন গৌতম গম্ভীৰৰ

January 12, 2021 5:39 pm · এন ই নাও নিউজ
প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ।

ক্ৰিকেট ষ্টেডিয়ামত সুৰা তথা এলকোহল যুক্ত সামগ্ৰী নিষিদ্ধ কৰাৰ বাবে আহ্বান জনাইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন গৌতম গম্ভীৰে।

ছিডনী টেষ্টত সুৰাসক্ত অষ্ট্ৰেলিয়ান দৰ্শকে ভাৰতীয় ক্ৰিকেটাৰক উদ্দেশ্যি বৰ্ণবিদ্বেষী মন্তব্য কৰাৰ পাছতে এনেদৰে মত প্ৰকাশ কৰে গৌতম গম্ভীৰে।

‘‘সুৰাপানৰ পাছত ক্ৰিকেটৰ দৰ্শৰ আচাৰ-ব্যাৱহাৰত বৃহৎ পৰিৱৰ্তন আহে,’’ গৌতম গম্ভীৰে লগতে কয়।

আনহাতে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৰাকীয়ে ছিডনী টেষ্টত ভাৰতীয় ক্ৰিকেটাৰক উদ্দেশ্যি বৰ্ণবিদ্বেষী মন্তব্য প্ৰকাশ কৰা দৰ্শকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনায়।

উল্লেখযোগ্য যে, ছিডনী দ্বিতীয় দিনৰ খেলৰ অন্তত অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ সমৰ্থকে ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ চিৰাজ আৰু জাচপ্ৰীত বুমৰাহক উদ্দেশ্যি বান্দৰ বুলি মন্তব্য কৰিছিল।

দৰ্শকৰ গেলাৰীৰ পৰা বাৰে বাৰে এনেধৰণৰ মন্তব্য অহাৰ পাছত মহম্মদ চিৰাজে ফিল্ড আম্পায়াৰক এই সম্পৰ্কে অভিযোগ কৰে।

পৰৱৰ্তী সময়ত ষ্টেডিয়ামত উপস্থিত থকা সুৰক্ষা বাহিনীৰ লোকে বহু কেইগৰাকী দৰ্শকক ষ্টেডিয়ামৰ পৰা বাহিৰ কৰি দিয়ে।

Related News