অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন তথা দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ আৰু তেওঁৰ পৰিয়ালে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ বাবে এক কোটি টকা বৰঙণি হিচাপে আগবঢ়ায়।
‘‘এটা সৰ্বাঙ্গসুন্দৰ ৰাম মন্দিৰ আমাৰ সকলো ভাৰত বাসীৰ বাবে এক সপোন। অৱশেষত দীৰ্ঘদিনীয়া বিষয় এটাৰ সফল নিষ্পত্তি হ’ল,’’ গৌতম গম্ভীৰে কয়।
পূৰ্বে দিল্লী বিজেপিয়ে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ বাবে অনুদান সংগ্ৰহৰ অৰ্থে ১ ফেব্ৰুৱাৰিৰ পৰা সমগ্ৰ ৰাজ্য জুৰি এট অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল।
দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও ইয়াৰ পূৰ্বে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান আগবঢ়াইছিল।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ১৪ জানুৱাৰিত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৫,০০,১০০ টকা বৰঙণি হিচাপে আগবঢ়ায়।
ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এটা দলে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ সাহায্যৰ বাবে ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰাৰ পাছতে কোবিন্দে ৰাম মন্দিৰৰ বাবে বৰঙণি আগবঢ়ায়।
ৰাষ্ট্ৰপতি কোবিন্দে নিজৰ ব্যক্তিগত একাউণ্টৰ পৰা ৰাম মন্দিৰ নিৰ্মাণৰ অৰ্থে এই সাহায্য আগবঢ়ায়।
ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰা দলটোত বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্য্যবাহী সভাপতি অলক কুমাৰ, ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ট্ৰেজাৰাৰ গোবিন্দ দেৱ গিৰি আৰু প্ৰাক্তন কূটনীতিবিদ নৃপেন্দ্ৰ মিশ্ৰ উপস্থিত আছিল।