NORTHEAST NOW (Assamese)
Popular Stories

‘ভাৰতীয় দলৰ প্ৰশিক্ষকৰ ভূমিকা এক জটিল কাম’- গৌতম গম্ভীৰক সতৰ্কবাণী শুনালে অনিল কুম্বলেই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 15, 2024 9:35 pm

আজি অৰ্থাৎ শনিবাৰে পুৱা ভাৰতীয় ক্ৰিকেটত বিয়পি পৰা এটা গুজৱে চৰ্চা লাভ কৰিছে৷বাতৰিটো হৈছে- গৌতম গম্ভীৰক ভাৰতৰ প্ৰশিক্ষক হিচাপে নিশ্চিত কৰা হৈছে। ইয়াৰ পৰাই আৰম্ভ হৈছিল এক বিশেষ চৰ্চা।

গম্ভীৰক প্ৰশিক্ষক হিচাপে ব’ৰ্ডে কেনেকৈ ঘোষণা কৰিলে সেই সম্পৰ্কে আলোচনা আৰম্ভ হৈছিল।টি-২০ বিশ্বকাপৰ মেগা ইভেণ্টৰ মাজতে নতুন প্ৰশিক্ষকৰ ঘোষণাই দলৰ ক্ৰিকেটাৰসকলৰ মনোযোগ স্থানান্তৰিত কৰিব পাৰে। বিশেষজ্ঞৰ মতে আধুনিক ক্ৰিকেটত সকলোৱে যিমানেই পেছাদাৰী নহওক কিয়, এটা ডাঙৰ ঘোষণায়ো দলটোক প্ৰভাৱিত কৰিব পাৰে।

যদিও সময়ৰ লগে লগে এই আলোচনা বন্ধ হৈ গ’ল, তথাপিও অনিল কুম্বলেৰ বক্তব্যক কেন্দ্ৰ কৰি কিছু গুজৱৰ সৃষ্টি হ’ল। ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে আজিৰ দিনটোতে কয়, ‘এজন প্ৰশিক্ষক থকাটো ভাল কথা। গম্ভীৰে প্ৰশিক্ষক আৰু ফ্ৰেঞ্চাইজি দলৰ অধিনায়ক হিচাপে আই পি এল খিতাপ জয় কৰিছে। তেওঁৰ কামৰ শৈলীও মই জানো, কিন্তু মই এইটোও ক’ম যে ভাৰতৰ কোচিং ব সম্পূৰ্ণ বেলেগ। সেই অভিজ্ঞতা পাই মই আপোনালোকক ক’ব পাৰো যে এই কামটো সহজ নহয়।’