NORTHEAST NOW (Assamese)

জি চি এফ চি ফুটবল স্কুলৰ সৰুসজাই কেন্দ্ৰ মুকলি

November 28, 2019 6:15 pm · এন ই নাও নিউজ
প্ৰশিক্ষণ কেন্দ্ৰটো মুকলিৰ সময়ত

ৰৌতা আৰু বিশ্বনাথ চাৰিআলিৰ পাছত গুৱাহাটী চিটি এফ চি(জিচিএফচি)য়ে বৃহস্পতিবাৰে সৰুসজাইৰ নালপাৰাত থকা ইণ্টাৰনেশ্যনেল স্কুলৰ সহযোগত প্ৰাথমিক ফুটবল প্ৰশিক্ষণ কেন্দ্রটো মুকলি কৰে।

প্ৰতিভাৱান শিশুসকলক প্ৰাথমিক ফুটবল প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে জিচিএফচিয়ে ইণ্টাৰনেশ্যনেল স্কুলৰ সৈতে সহযোগিতাৰে ৰাজ্যৰ বিভিন্ন স্থানত ফুটবল প্ৰশিক্ষণ স্কুল স্থাপন কৰি আহিছে।

বৃহস্পতিবাৰে জি চি এফ চিয়ে গুৱাহাটীত ইয়াৰ প্ৰথমটো প্ৰশিক্ষণ কেন্দ্র মুকলি কৰে।

গুৱাহাটীৰ নালপাৰাত স্থাপন হোৱা বিদ্যালয়খনত ৪ ৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে যিসকলক সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃত প্ৰশিক্ষক বিতোপন সোণোৱাল আৰু তেওঁৰ সহযোগী সকলে প্ৰশিক্ষণ প্ৰদান কৰিব।

আনহাতে, বিদ্যালয়খনৰ ফুটবল প্ৰশিক্ষণ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে অভিজ্ঞতাৰ বাবে চলি থকা গ্ৰেটাৰ গুৱাহাটী বেবী লীগতো অংশগ্ৰহণ কৰিব।

জি চি এফ চিৰ ফুটবল প্ৰশিক্ষণ কেন্দ্রটো ইণ্টাৰনেশ্যনেল স্কুলৰ সঞ্চালক মামনি ডেকাই মুকলি কৰে। জি চি এফ চিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ডেকাক সম্বৰ্ধনা জনোৱা হয়।

Related News