NORTHEAST NOW (Assamese)

ল’কডাউনৰ প্ৰভাৱ : শূন্যতকৈ তললৈ নামিব পাৰে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ!

March 29, 2020 11:54 am · এন ই নাও নিউজ
Updated: March 29, 2020 11:55 am
নিটি আয়োগৰ উপাধক্ষ্য ৰাজীৱ কুমাৰ

ক’ৰ’না ভাইৰাছৰ বাবে বৰ্তমান দেশত চলি থকা ল’কডাউনৰ প্ৰভাৱৰ ফলত প্ৰথমটো কোৱাৰ্টাৰত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ শূন্য বা তাতকৈ তললৈ নামিব পাৰে।

The Printৰ সতৈ হোৱা এক সাক্ষাৎকাৰত নিটি আয়োগৰ উপাধক্ষ্য ৰাজীৱ কুমাৰে এনে এক আশংকা ব্যক্ত কৰে।

সাক্ষাৎকাৰটোত কুমাৰৰ উদ্ধৃতি দি কোৱা হয় যে অত্যাৱশকীয় সেৱাসমূহ অব্যাহত থকাৰ বাবে অৰ্থনীতি এনে এটা পৰ্যায়লৈ নামিব নালাগে যদিও বাকি সকলো খণ্ড একপ্ৰকাৰ বন্ধ হৈ পৰাত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ শূন্য বা তাতকৈ তললৈ বা নামিব পাৰে।

জুন মাহ পাৰ হোৱাৰ পিছত কি হ’ব তাক আগতিয়াকৈ কোৱাটো সম্ভৱ নহয় বুলি কুমাৰে লগতে কয়।

অৱশ্যে কুমাৰে জুনৰ পিছত মন্দাৱস্থাৰ সম্ভাৱনাক অস্বীকাৰ কৰে, তেওঁ হস্পিটেলিটি, পৰিবহণ, এণ্টাৰ্টেইনমেণ্ট আদি খণ্ডত কাম আৰম্ভ হ’ব বুলি আশা কৰে।

তেওঁৰ মতে বৰ্তমান পৰিস্থিতিত মানুহৰ জীৱন বচোৱাটো হৈছে চৰকাৰৰ প্ৰথম অগ্ৰাধকিাৰ।

উল্লেখযোগ্য যে যোৱা ২৬ মাৰ্চত দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ল’কডাউনৰ প্ৰতি লক্ষ্য ৰাখি ১.৭৬ লাখ কোটি টকাৰ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা ঘোষণা কৰিছিল।

Related News