NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ডিমাপুৰত জেনেৰেল ৰাৱত

Posted by: এন ই নাও নিউজ February 2, 2019 10:11 pm
Gen. Bipin Rawat arrives in Rangapahar military station on Saturday.

উত্তৰ-পূৰ্বাঞ্চলত সেনাবাহিনীৰ কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে ডিমাপুৰৰ ৰঙাপাহাৰ মিলিটেৰি ষ্টে’চনত শনিবাৰে উপস্থিত হৈছে ভাৰতীয়ে সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱত।

উত্তৰ-পূবলৈ দুদিনীয়া ভ্ৰমণসূচী লৈ অহা জেনেৰেলগৰাকীক আদৰণি জনায় ইষ্টাৰ্ন কমাণ্ডৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল এম এম নাৰাৱানে আৰু স্পিয়াৰ্ছ ক’ৰৰ জি অ’ চি লেঃ জেঃ ৰাজীৱ চিৰ’হিয়ে, সেনা বিবৃতিত প্ৰকাশ।

ডিমাপুৰৰ পিছতে সেনা মুৰব্বীজনে ক’হিমা আৰু ইটানগৰো ভ্ৰমণ কৰাৰ কথা।

সেনা মুৰব্বীজনে লাইন অৱ একচুৱেল কণ্ট্ৰ’লত অভিযানগত প্ৰস্তুতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্পিয়াৰ্ছ ক’ৰৰ জন অনুকূল উগ্ৰপন্থা প্ৰতিৰোধী পদক্ষেপৰ প্ৰশংসা কৰে।

অঞ্চলটোত শান্তি ৰক্ষা কৰাত সেনাৰ ভূমিকাৰ তেওঁ শলাগ লয়। স্পিয়াৰ্ছ ক’ৰৰ বিষয়া আৰু জোৱানসকলৰ লগত বাৰ্তালাপত মিলিত হৈ তেওঁ সকলোকে বিৰামহীন আৰু পেছাদাৰীভাৱে কৰ্মসম্পাদন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।