NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ অসম ভৱনৰ পৰা বাহিৰ কৰি দিলে অখিল-পলাশক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 2, 2019 10:40 pm
Akhil-Palash asked to vacate Assam Bhawan in New Delhi

নতুন দিল্লীৰ অসম ভৱন ১১১নং কোঠাত বাহৰ পাতি থকা অখিল গগৈ আৰু পলাশ চাংমাইক শনিবাৰে বাহিৰ কৰি দিছে কৰ্তৃপক্ষই।

অসমৰ সংগঠনকেইটাৰ নেতা দুগৰাকীক কৰ্তৃপক্ষই অসম ভৱন এৰিবলৈ দিয়াৰ আঁৰত আছে দিচপুৰৰ নিৰ্দেশ, এই দাবী গগৈৰ সতীৰ্থ “যুঁজাৰু”-ৰ নেত্ৰী জোনমণি দেৱী খাউণ্ডৰ।

অভিযোগ মতে ভৱনত সংবাদমেল সম্বোধন কৰি থকা অৱস্থাতে দিচপুৰৰ পৰা অহা “নিৰ্দেশ”ৰ বাবে তেওঁৰ কোঠাটো এৰিবলৈ বুলি গগৈৰ কাণে কাণে কৈ যায়হি ভৱনটোৰ এগৰাকী বিভাগীয় লোকে। সেই সময়ত গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইকে ধৰি নাগৰিকত্ব বিধেয়কবিৰোধী অসমৰ ৭০টা সংগঠনৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰি আছিল।

বিধেয়ক বিৰোধী গগৈ আৰু অন্যান্যসকলে সংবাদমেলখনত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ তীব্ৰ সমালোচনা কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক অধিৱেশনত মোদী আহিলে ৭০টা সংগঠনে প্ৰতিবাদ জনাই ক’লা পতাকা দেখুৱাব বুলি কৰা মন্তব্যৰ ফলতে সোণোৱাল চৰকাৰে এই “নিম্নস্তৰ”ৰ কাম কৰা বুলি মন্তব্য কৰিছে নেত্ৰী খাউণ্ডে।

“ৰাজ্য চৰকাৰৰ এয়া অতি নিম্নমানৰ সিদ্ধান্ত। আৰু এনে সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছো,” নৰ্থ ইষ্ট নাও-ত মন্তব্য খাউণ্ডৰ।

দেশৰ ৰাজধানীৰ অসম ভৱনত এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিলে পৰিস্থিতি হুলস্থূলীয়া হৈ ৰাজ্যৰে মান হানি হোৱাৰ আশংকাত বিনা প্ৰতিবাদে ভৱনটো ত্যাগ কৰাৰ সিদ্ধান্ত লয় তেওঁলোকে, খাউণ্ডে জনায়।