NORTHEAST NOW (Assamese)
অসম

ছাব-জুনিয়’ৰ ৰাষ্ট্ৰীয় চাইক্লিং চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ অসমৰ কিশোৰীৰ

Posted by: এন ই নাও নিউজ February 2, 2019 11:44 pm
Chayanika-Gogoi-750x375

ৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰতখনত অসমৰ আন এগৰাকী খেলুৱৈয়ে প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে। ৰাজস্থানৰ জয়পুৰত হৈ থকা ৭১ সংখ্যক ছাব-জুনিয়’ৰ ৰাষ্ট্ৰীয় চাইক্লিং চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ জয় কৰিছে গহপুৰৰ চয়নিকা গগৈয়ে। তেওঁ অনূৰ্ধ্ব ১৮ আৰু অনূৰ্ধ্ব ১৬, দুয়োটা শাখাতে চেম্পিয়ন হয়।

যোৱা বছৰটোত হিমা দাস, লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়ো, হৃদয় হাজৰিকাই ক্ৰীড়াত ৰাজ্যখনৰ নাম উজলোৱাৰ পিছত এই বছৰটোৰ আৰম্ভণিতেই চয়নিকাৰ সাফল্যই স্বাভাৱিকতে আনন্দিত কৰিছে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীক।

চয়নিকাৰ উপৰি জয়শ্ৰী গগৈ নামৰ আন এগৰাকীয়েও অনূৰ্ধ্ব-১৮ত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

এটা সাধাৰণ পৰিয়ালৰ সন্তান চয়নিকাই দশম শ্ৰেণী অধ্যয়ন কৰি আছে। তেওঁ শোণিতপুৰ-বিশ্বনাথ জিলা চাইক্লিং ফেডাৰেইশ্যনৰ সম্পাদক জীৱন বৰাৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লৈছিল।

এই প্ৰতিযোগিতাখনৰ পূৰ্বেও চয়নিকাই কেইবাটাও প্ৰতিযোগিতাত সফলতা লাভ কৰা বুলি পৰিয়ালৰ সূত্ৰে জনাইছে। নিজৰ কেৰিয়াৰত তেওঁ কেইবাটাও স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলি নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে ৭১ সংখ্যক ছাব-জুনিয়’ৰ ৰাষ্ট্ৰীয় চাইক্লিং চেম্পিয়নশ্বিপত ৩০ জানুৱাৰিৰ পৰা ৩ ফেব্ৰুৱাৰিলৈ পিংক চিটি খ্যাত জয়পুৰ চহৰত অনুষ্ঠিত হৈছে।