NORTHEAST NOW (Assamese)

স্তব্ধ হ’ব সমগ্ৰ ভাৰত, সমগ্ৰ অসম; ৮, ৯ জানুৱাৰিত মোদীৰ দেশবিৰোধী, জনবিৰোধী নীতিৰ বিৰুদ্ধে বৃহত্তম শ্ৰমিক-আন্দোলন

January 6, 2019 12:11 pm · এন ই নাও নিউজ
Updated: January 6, 2019 12:25 pm
কেইবাটাও ট্ৰেড য়ুনিয়নৰ অসম ৰাজ্যিক গোটে সাধাৰণ ধৰ্মঘট কাৰ্য্যসূচীৰ সমৰ্থনত উলিওৱা সময়দলৰ দৃশ্য। ৫ জানুৱাৰিত গুৱাহাটীত। ফটো : য়ু বি।

মোদীৰ স্বৈৰাচাৰিতা আৰু দেশবিৰোধী, জনবিৰোধী নীতিৰ বিৰুদ্ধে ট্ৰেড য়ুনিয়নবোৰৰ নেতৃত্বত বৃহত্তম শ্ৰমিক-আন্দোলনৰ দিশত আগ বাঢ়িছে দেশৰ শ্ৰমিক-কৰ্মচাৰীসকল। অহা ৮ আৰু ৯ জানুৱাৰিত সমগ্ৰ দেশ স্তব্ধ কৰি দিবলৈ সাজু হৈছে দেশৰ ট্ৰেড য়ুনিয়নসমূহৰ লগতে অন্যান্য শ্ৰমিক সংগঠনসমূহ।

১০টাকৈ কেন্দ্ৰীয় ট্ৰেড য়ুনিয়ন আৰু কেইবা ডজন অন্যান্য শ্ৰমিক সংগঠনে যুটীয়াভাৱে সমগ্ৰ ভাৰতত উক্ত দিন দুটাত সাধাৰণ ধৰ্মঘটৰ আহ্বান দিছে। ফলত প্ৰভাৱ পৰিব পৰিবহণ সেৱাকে ধৰি বেংক খণ্ডতো। কাৰণ বেংক খণ্ডৰ শ্ৰমিক য়ুনিয়নেও এই সাধাৰণ ধৰ্মঘটলৈ সমৰ্থন আগ বঢ়াইছে। অল বেংক এমপ্লয়ীজ এছ’চিয়েশ্যন (AIBEA)  আৰু বেংক এমপ্লয়ীজ ফেডাৰেইশ্যন অব ইণ্ডিয়াই (IBA)  এই আন্দোলনলৈ সমৰ্থন আগ বঢ়োৱা বুলি জানিবলৈ দিছে।

সাধাৰণ ধৰ্মঘটৰ জৰিয়তে মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব খোজা ট্ৰেড য়ুনিয়নবোৰে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পুঁজিপতিৰ পক্ষ লৈ সকলো চৰকাৰী প্ৰতিষ্ঠান, কৰ্মচাৰীৰ বৃহৎ ক্ষতি কৰিছে। “বিজেপি নেতৃত্বাধীন এন ডি এ’ই চৰকাৰৰ পুঁজিপতিৰ স্বাৰ্থৰক্ষা, দেশবিৰোধী আৰু জনগণবিৰোধী নীতিৰ বিৰুদ্ধে সকলো ট্ৰেড য়ুনিয়নে মঙলবাৰৰ পৰা দুদিনীয়া দেশজোৰা ধৰ্মঘটনৰ আহ্বান জনাইছে।” ইণ্ডিয়ান নেশ্যনেল ট্ৰেড য়ুনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুমেৰ সিং গৌৰে কয়।

“চৰকাৰখনে দেশৰ সকলো ৰাজহুৱা প্ৰতিষ্ঠান ধ্বংস কৰিবলৈ ওলাইছে। ৰাজহুৱা প্ৰতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডক গতাই দিবলৈ ওলাইছে।” সংবাদ মাধ্যমৰ আগত গৌৰৰ ভাষ্য।

উল্লেখযোগ্য যে এই সাধাৰণ ধৰ্মঘট অসমতো পালন কৰিব ট্ৰেড য়ুনিয়নসমূহৰ অসম ৰাজ্যিক শাখাবোৰে। ইণ্ডিয়ান নেশ্যনেল ট্ৰেড য়ুনিয়ন কংগ্ৰেছৰ অসম শাখাৰ সম্পাদক হৰিপ্ৰসাদ শইকীয়াই কয়, “ৰাজহুৱা খণ্ডৰ শ্ৰমিক-কৰ্মচাৰীসকলে, বেংক আৰু ৰেইলৱেই কৰ্মচাৰীসকলকে ধৰি সকলোৱে আমাৰ আন্দোলনত যোগ দিব। আমি খানাপাৰা, মালিগাওঁ, নুনমাটি, নাৰেংগী আৰু অন্যান্য ঠাইত প্ৰতিবাদত বহিম।”

বিমানকোঠ ব্যক্তিগতকৰণ বন্ধ কৰক, তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বন্ধ কৰক আদি শ্ল’গানেৰে ৫ জানুৱাৰিত গুৱাহাটীত কেইবাটাও ট্ৰেড য়ুনিয়নৰ অসম ৰাজ্যিক গোটবোৰে এই সাধাৰণ ধৰ্মঘট কাৰ্য্যসূচীৰ সমৰ্থনত সময়দল উলিয়ায়।

মন কৰিব লগীয়া যে অসম মটৰ পৰিবহণ শ্ৰমিক সংগঠনবোৰেও এই আন্দোলনলৈ সমৰ্থন আগ বঢ়াই ৮ আৰু ৯ জানুৱাৰিত ৪৮ ঘণ্টীয়া চকা বন্ধৰ আহ্বান দিছে।

মোদী চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত জনবিৰোধী নীতি লোৱাৰ অভিযোগৰ লগতে ট্ৰেড য়ুনিয়নবোৰে অভিযোগ আনিছে যে মোদীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ পালনতো চূড়ান্ত বিফল হৈছে। উদাহৰণ হিচাপে য়ুনিয়নে তথ্য দাঙি ধৰি কয়, মোদীয়ে প্ৰতি বছৰে ২ কোটিকৈ লোকক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও লেবাৰ ব্যুৰোৰ তথ্য মতেই ২০১৫ চনত মাত্ৰ ১.৫৫ লাখ আৰু ২০১৬ চনত মাত্ৰ ২.৩১ লাখ লোককহে কৰ্মসংস্থাপন দিব পাৰিলে।

“মোদীৰ দিনত প্ৰায় ২ লাখ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গ’ল। প্ৰতিটো উদ্যোগত ৫০ ৰ পৰা ৩০০জন লোকে কৰ্মৰত হৈ থকা বুলি ধৰিলেও বৃহৎ সংখ্যকে কৰ্মসংস্থাপন হেৰুৱালে।” চিটুৰ কেৰেলাৰ ৰাজ্যিক সভাপতি এ আনন্দনে কয়। এই সাধাৰণ ধৰ্মঘটটো ২০১৩ চনৰ ভাৰত বন্ধৰ পিছত লোৱা বৃহত্তম আৰু ঐতিহাসিক কাৰ্য্যসূচী হিচাপে গণ্য কৰা বুলি জানিবলৈ দিয়ে আনন্দনে।

Related News