NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয় ঘেৰাও কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 6, 2019 12:52 pm
KMSS gheroas State BJP office

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অধিক তীব্ৰতৰ আন্দোলনত জঁপিয়াই পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয় ঘেৰাও কৰে। সংগঠনটোৰ প্ৰায় ৫ শতাধিক সদস্যই দুপৰীয়া সময়ত ঘেৰাও কৰে কাৰ্য্যালয়টো।

কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰে অনা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত এইদৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয় ঘেৰাও কৰে কৃষক মুক্তিৰ প্ৰতিবাদকাৰীসকলে।

বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ৰ সন্মুখতে বিজেপি গ’ বেক, বিজেপিৰ দাদাগিৰি নচলিব, আৰ এছ এছ বিজেপি নিপাত যাওক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীসকলৰ অধিকাংশই মহিলা আছিল।

প্ৰতিবাদকাৰীসকলে কাৰ্য্যালয় ঘেৰাও কৰা সময়ত কাৰ্য্যালয়টোত ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, মুমিনুল আৱাল আদি কাৰ্য্যকৰ্তা আছিল বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে, শেহতীয়াকৈ প্ৰতিবাদস্থলীত উপস্থিত হৈছেহি আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া। মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ উপস্থিত হৈছেহি প্ৰতিবাদস্থলীত। সম্ভাব্য পৰিস্থিতি চম্ভালিবলৈ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়টোৰ সন্মুখত অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে।

উল্লেখযোগ্য যে কেইদিন মানৰ পূৰ্বে অসম বিজেপিয়ে ৰাফেল বিমান ক্ৰয় কেলেংকাৰিত কংগ্ৰেছে দেশত হৈ-চৈৰ সৃষ্টি কৰাৰ প্ৰতিবাদত প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ গৈ বিমুখ হৈ উভতি আহিছিল।

শেহতীয়া বাতৰি মতে, আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ যায়। আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত টনা-আঁজোৰা লগাৰ ফলত কেইবাগৰাকী মহিলাৰ গাৰ কাপোৰ পৰ্য্যন্ত ফাটে।