NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিলে জাৰ্মান প্ৰেম কাহিনী ‘কাইৰোছ’য়ে

May 23, 2024 11:52 am · এন ই নাও নিউজ, গুৱাহাটী
জাৰ্মান লেখিকা জেনী এৰ্পেনবেক। ফটোঃ সংগ্ৰহীত।

জাৰ্মান লেখিকা জেনী এৰ্পেনবেক আৰু অনুবাদক মাইকেল হফমেনে মঙলবাৰে তেওঁলোকৰ উপন্যাস কাইৰোছৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰে।

জাৰ্মান ভাষাত লিখা এই গ্ৰন্থখনত ১৯৮০ চনৰ পূব বাৰ্লিনত এগৰাকী বয়সস্থ পুৰুষৰ সৈতে এগৰাকী যুৱতীৰ “ধ্বংসাত্মক সম্পৰ্ক”ৰ কাহিনী বৰ্ণনা কৰা হৈছে।

লণ্ডনৰ টেট মডাৰ্ণ গেলেৰীত অনুষ্ঠিত এক অনুষ্ঠানত এই সন্মানীয় বঁটা প্ৰদান কৰা হয়।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ কথা সাহিত্য ৰচনাক স্বীকৃতি দিবলৈ ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থৰ পৰা এই বঁটাৰ বাবে মনোনয়ন দিয়া হয়।

পুৰস্কাৰৰ ধন ৬২ হাজাৰ ডলাৰৰ লেখক আৰু অনুবাদকৰ মাজত সমানে ভাগ কৰি দিয়া হ’ব।

২০২৪ চনৰ বিচাৰকসকলৰ সভানেত্ৰী এলিন’ৰ ৱাচটেলে এৰ্পেনবেকৰ ‘উজ্জ্বল গদ্য’, ‘এটা সম্পৰ্কৰ জটিলতা’ আৰু পূব বাৰ্লিনৰ পৰিৱেশৰ বৰ্ণনাক প্ৰশংসা কৰে। 

Related News