NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ফুটপাথত পাচলি কিনি ইউপিআইত ধন পৰিশোধ কৰি ভাৰতৰ ডিজিটেল অৰ্থনীতি ব্যৱস্থাত আপ্লুত জাৰ্মান মন্ত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2023 8:00 am

শাসনলপি আহিয়েই ভাৰতক ‘ডিজিটেল ইণ্ডিয়া’ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোডীয়ে। যোৱা ৯ বছৰত দেশ সেই দিশেই আগবাঢ়িছে। 

ভাৰতৰ ডিজিটেল অৰ্থনীতি ব্যৱস্থা ইউ পি আইয়ে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এইবাৰ ইউপিআই (ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ) ব্যৱস্থাটোক জাৰ্মানীৰ ডিজিটেল আৰু পৰিবহণ মন্ত্ৰীয়ে প্ৰশংসা কৰে। 

দেওবাৰে পুৱা জাৰ্মানীৰ মন্ত্ৰী ভোকাৰ উইচ্চে নিজেই ফুটপাথৰ পৰা শাক-পাচলি কিনি ইউ পি আইৰ জৰিয়তে ধন দিছিল। ইয়াৰ জৰিয়তে তেওঁ ভাৰতৰ ডিজিটেল অৰ্থনীতি ব্যৱস্থাৰ সৰলতা অনুভৱ কৰিছিল আৰু ভাৰতত থকা জাৰ্মান দূতাবাসৰ মতে “মুগ্ধ” হৈছিল। 

মন্ত্ৰীগৰাকীৰ অভিজ্ঞতা আৰু ইউপিআই ব্যৱস্থাৰ প্ৰতি তেওঁৰ আকৰ্ষণ জাৰ্মান দূতাবাসেও টুইটাৰত শ্বেয়াৰ কৰে। জাৰ্মান দূতাবাসে টুইটাৰত ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিক “দেশৰ অন্যতম সফলতা” বুলি প্ৰশংসা কৰে।

দেওবাৰে বিয়লি ভাৰতত থকা জাৰ্মান দূতাবাসে এটা ভিডিঅ’ আৰু কেইবাখনো ছবি পোষ্ট কৰে। ৫ ছেকেণ্ডৰ এই ভিডিঅ’টোত জাৰ্মানীৰ ডিজিটেল আৰু পৰিবহণ মন্ত্ৰী ভোকাৰ উইছিঙে ফুটপাথৰ পৰা শাক-পাচলি ক্ৰয় কৰি ইউপিআই ব্যৱস্থাৰ জৰিয়তে ধন পৰিশোধ কৰে। পোষ্টটোৰ কেপচনত লিখা আছে, “ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ অন্যতম সফলতাৰ কাহিনী। সকলোৱে ইউপিআইৰ জৰিয়তে কেইছেকেণ্ডমানৰ ভিতৰতে লেনদেন কৰিব পাৰে। লাখ লাখ ভাৰতীয়ই এই ব্যৱস্থা ব্যৱহাৰ কৰে। জাৰ্মানীৰ ডিজিটেল আৰু পৰিবহণ মন্ত্ৰী উইচিঙে ইউপিআই পেমেণ্ট ব্যৱস্থাৰ সৰলীকৰণ প্ৰত্যক্ষভাৱে প্ৰত্যক্ষ কৰিছিল আৰু আপ্লুত হৈছিল।’

প্ৰসংগক্ৰমে, জাৰ্মানীৰ ডিজিটেল আৰু পৰিবহণ মন্ত্ৰী ভোকাৰ উইচিং যোৱা ১৯ আগষ্টত জি-২০ ডিজিটেল কেবিনেটৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বাংগালুৰুলৈ আহিছিল। ভাৰতৰ ডিজিটেল অৰ্থনীতি বিপ্লৱৰ অংশ হোৱাৰ বাবে ভাৰতীয় নেটিজেনসকলে তেওঁক ধন্যবাদ জনায়। 

এজনে জাৰ্মান দূতাবাসৰ টুইটাৰ পোষ্টত এটা মন্তব্যত লিখিছে, “ইউপিআই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। জাৰ্মানীয়ে কেতিয়া ইউপিআই প্লেটফৰ্মৰ সৈতে নিজকে সংযোগ কৰিব?”