NORTHEAST NOW (Assamese)
অসম

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ২০,৫৫০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 12:30 pm

ধাৰাবাহিকভাৱে ক’ৰ’নাৰ সংক্ৰমণৰ সংখ্যা কমিছিল যদিও আজি বিগত দিনসমূহৰ তুলনাত আক্ৰান্তৰ সংখ্যা পুনৰ এবাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ২০,৫৫০ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে মঙলবাৰে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা আছিল ১৬,৪৩২ গৰাকী। অৰ্থাৎ মঙলবাৰৰ তুলনাত আজি এই সংখ্যা চাৰি হাজাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

বৰ্তমান পৰ্যন্ত ক’ৰ’না ভাইৰাছৰ দ্বাৰা মুঠ ১,০২,৪৪,৮৫৩ গৰাকী লোক আক্ৰান্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ২৮৬ গৰাকী লোকৰ মৃত্যু হোৱাত এই সংখ্যা ১,৪৮,৪৩৯ লৈকে বৃদ্ধি পালে।

ইফালে বিগত দিনটোত ২৬,৫৭২ গৰাকী লোক ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰাত এই সংখ্যা বৃদ্ধি পাই হয় ৯৮,৩৪,১৪১ গৰাকী।

ইফালে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা যোৱা কিছুদিন ধৰি তিনিলাখৰ তলতেই আছে।