NORTHEAST NOW (Assamese)
অসম

বছৰৰ শেষতো কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সাফল্য; সংঘৰ্ষত নিহত এজন সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 1:07 pm

বছৰৰ অন্তিম সময়তো নিৰাপত্তাৰক্ষীবাহিনী আৰু সন্ত্ৰাসবাদীৰ গুলীত উত্তপ্ত ভূস্বৰ্গ কাশ্মীৰ।

মঙলবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা সেনা আৰু সন্ত্ৰাসবাদীৰ মাজৰ প্ৰচণ্ড গুলীয়াগুলীত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

বৰ্তমানো সংঘৰ্ষৰ স্থানত সেনা বাহিনীয়ে তালাচী অব্যাহত ৰাখিছে।

সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ লাভ কৰাৰ পাছতে কাশ্মীৰৰ শ্ৰীনগৰ জিলাত সেনা বাহিনীয়ে অভিযান আৰম্ভ কৰে।

সেনা বাহিনীৰ উপস্থিতি দেখিয়ে উক্ত অঞ্চলত লুকাই থকা সন্ত্ৰাসবাদীয়ে সেনা বাহিনীক উদ্দেশ্যি গুলীবৰ্ষণ কৰে প্ৰত্যুত্তৰত সেনা বাহিনীয়ে গুলী চলায়।

সেনা বাহিনীৰ গুলীত দুৰ্ধৰ্ষ এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়। মৃত্যু হোৱা সন্ত্ৰাসবাদীজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নায়।

আনহাতে, জম্মু-কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা জানিব দিয়া মতে, অভিযানকাৰী দলে নিশা অভিযান বন্ধ ৰাখিছিল।

ঘন কুৱলীৰ বাবে সাধাৰণ লোকৰ ক্ষতি হ’ব বুলি ভাবিয়ে অভিযান বন্ধ ৰখা হৈছিল বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰে।

বুধবাৰে ৰাতিপুৱাৰে পৰা পুনৰ অভিযান আৰম্ভ কৰা হৈছে। অঞ্চলটোত আৰু অধিক সন্ত্ৰাসবাদীয়ে লুকাই থাকিব পাৰে বুলি সেনাৰ সন্দেহ প্ৰকাশ কৰিছে।