NORTHEAST NOW (Assamese)
দেশ

মুম্বাইত লঙ্গৰ পেলাবলৈ সাজু হৈছে জাৰ্মান যুদ্ধ জাহাজে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 11, 2022 2:56 pm
German warship

ভাৰত-প্ৰশান্ত মহাসাগৰত চীনৰ উপস্থিতি বৃদ্ধি হোৱাৰ লগে লগে এই মাহৰ শেষৰ ফালে এখন জাৰ্মান যুদ্ধ জাহাজ মুম্বাইত লঙ্গৰ পেলাবলৈ সাজু হৈছে।

এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিয়োজিত জাৰ্মান ফ্ৰিগেট বায়াৰ্ণ চীনৰ বাবে এক সংকেত হিচাপে পৰিগণিত হৈছে।

দুটা দশকত অঞ্চলটোত প্ৰৱেশ কৰা জাৰ্মান ফ্ৰিগেট বায়াৰ্ণ হৈছে প্ৰথম জাৰ্মান যুদ্ধজাহাজ।

প্ৰতিবেদন অনুসৰি যুদ্ধ জাহাজখন ২১ জানুৱাৰীত মুম্বাইত উপস্থিত হ’ব বুলি আশা কৰা হৈছে।

উক্ত জাহাজখন ২০২১ চনৰ আগষ্ট মাহৰ পৰা ইণ্ডো-পেচিফিক অঞ্চলত আছিল।

অঞ্চলটোত জাৰ্মানীৰ কাৰ্যকলাপ শক্তিশালী কৰিবলৈ এই জাহাজখন টহলদাৰী আৰু প্ৰশিক্ষণ অভিযানত প্ৰেৰণ কৰা হৈছিল।