NORTHEAST NOW (Assamese)
Popular Stories

মূল্যবৃদ্ধি : কেন্দ্ৰীয় চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 1:00 pm

পেট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অভাৱনীয় মূল্যবৃদ্ধি সম্পৰ্কত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

উচ্চ হাৰত কৰ আৰোপৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে জনতাক শোষণ কৰি অহা বুলি গান্ধীয়ে অভিযোগ কৰে।

 

সোমবাৰে হিন্দীত লিখা এটা টুইটৰ যোগেৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ হাৰ কমি অহাৰ পাছতো ভাৰতত মূল্য উচ্চ মাত্ৰাত বাঢ়ি অহাক লৈ তেওঁ সৰৱ হয়।

“পেট্ৰল লিটাৰত ১০০ টকা। মোদী চৰকাৰে আপোনাৰ পকেট খালি কৰি খুব ভাল কাম কৰি আছে আৰু চৰকাৰৰ বন্ধুসকলৰ পকেট ভৰাই আছে।” গান্ধীয়ে কয়।