NORTHEAST NOW (Assamese)
Popular Stories

‘মুখখনে কৈছে নহ’ব, শৰীৰে কৈছে হ’ব’! যৌনগন্ধী শ্লোগানৰ বাবে গৰিহণাৰ সম্মুখীন চীনৰ চাহ ব্ৰেণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 12:43 pm
‘মুখখনে কৈছে নহ’ব, শৰীৰে কৈছে হ’ব’! যৌনগন্ধী শ্লোগানৰ বাবে গৰিহণাৰ সম্মুখীন চীনৰ চাহ ব্ৰেণ্ড

চীনৰ এখন চাহৰ ব্ৰেণ্ড ইণ্টাৰনেটত তীব্ৰ ভৎসনাৰ সম্মুখীন হৈছে।

ব্ৰেণ্ডটোৰ চাহপাতৰ পেকেটত লিখা কেইটামান শ্লোগানৰ বাবে তেওঁলোকে শেহতীয়াকৈ ক্ষমাপ্ৰাৰ্থনা কৰিছে।

দক্ষিণ চীনৰ হুনান ৰাজ্যৰ ‘মডাৰ্ণ চাইনা টি শ্বপ’ নামৰ ব্ৰেণ্ডটোৱে পেকেটত লিখিছিল যে- “মুখখনে কৈছে নহ’ব, শৰীৰে কৈছে হ’ব’।

তদুপৰি এটা চাহৰ কাপত নাৰীক ‘বিগ বাৰগেইন’ হিচাপে লিখা হৈছে, ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে দোকানত গৰম চাহৰ বাবে অপেক্ষা কৰি থকা সময়খিনিতে কোনোবা সুন্দৰী নাৰীৰ স’তে মুখামুখি হ’ব পাৰে।

ইয়াৰ পাছতে নাৰীৰ প্ৰতি অসন্মানজনক তথা যৌনগন্ধী শ্লোগানৰ বাবে ব্ৰেণ্ডটো গৰিহণাৰ সম্মুখীন হৈ শনিবাৰে তেওঁলোকে ক্ষমাপ্ৰাৰ্থনা কৰে আৰু উক্ত শ্লোগানসমূহ উঠায় লয়।