NORTHEAST NOW (Assamese)

জাৰ্মানীৰ বেংকত ডকাইতি: প্ৰায় ৩০ মিলিয়ন ইউৰোৰ সম্পত্তি লুণ্ঠন

December 31, 2025 12:38 pm · এন ই নাও নিউজ, গুৱাহাটী

পশ্চিম জাৰ্মানীৰ এখন চহৰত সংঘটিত এক ভয়ংকৰ বেংক ডকাইতিত প্ৰায় ৩০ মিলিয়ন ইউৰো মূল্যৰ নগদ ধন, সোণ আৰু বহুমূলীয়া অলংকাৰ চুৰি হোৱাৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ মতে, এই ডকাইতি কাৰ্য কোনো চলচ্চিত্ৰৰ কাহিনীৰ দৰেই অতি সুপৰিকল্পিতভাৱে সংঘটিত কৰা হৈছিল।

এই চাঞ্চল্যকৰ ঘটনাটো গেলচেনকিৰ্চেন (Gelsenkirchen) চহৰৰ স্পাৰ্কাছ বেংকৰ এটা শাখাত সংঘটিত হয়। আৰক্ষীৰ এগৰাকী মুখপাত্ৰই এই ডকাইতিটোক “অতি পেছাদাৰী” বুলি আখ্যা দি বিখ্যাত ছবি ‘অ’চেনছ ইলেভেন’ৰ (Ocean’s Eleven) সৈতে তুলনা কৰিছে। সোমবাৰে পুৱা বেংকটোত অগ্নিনিৰ্বাপক বাহিনীৰ সতৰ্কবাণী (Alarm) বাজি উঠাৰ পিছতে আৰক্ষী ঘটনাটোৰ সন্দৰ্ভত অৱগত হয়। বুয়েৰ অঞ্চলৰ নিয়েনহফষ্ট্ৰাছত অৱস্থিত বেংক শাখাটোত অনুসন্ধান চলোৱাৰ সময়ত ভল্টৰ (Vault) দেৱালত এটা বৃহৎ গাঁত প্ৰত্যক্ষ কৰা হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বৰদিনৰ আশে-পাশে গভীৰ নিশা বেংকটোৰ ওচৰৰ এটা পাৰ্কিং গেৰেজত ডাঙৰ বেগ লৈ কেইবাজনো লোকৰ সন্দেহজনক যাতায়াত দেখা গৈছিল। সন্দেহ কৰা হৈছে যে দুষ্কৃতিকাৰীয়ে পাৰ্কিং গেৰেজৰ পৰা সুৰংগ খান্দি বেংকত প্ৰৱেশ কৰিছিল আৰু সেই পথৰেই পলায়ন কৰিছিল। চিচিটিভি (CCTV) ফুটেজত সোমবাৰে পুৱা উক্ত গেৰেজৰ পৰা এখন ক’লা ৰঙৰ ‘অ’ডি আৰ এছ ৬’ (Audi RS6) গাড়ী তীব্ৰ বেগত ওলাই যোৱা দেখা গৈছে।

এই পৰ্যন্ত আৰক্ষীয়ে কোনো সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু জনসাধাৰণৰ পৰা তথ্য তথা সহায় বিচাৰিছে। আনহাতে, ক্ষতিগ্ৰস্ত গ্ৰাহকসকলৰ বাবে বেংক কৰ্তৃপক্ষই এটা জৰুৰীকালীন হটলাইন সেৱা আৰম্ভ কৰিছে। বেংকৰ তথ্য অনুসৰি, প্ৰায় ৯৫ শতাংশ চেফ ডিপ’জিট বক্স ভাঙি পেলোৱা হৈছে, যাৰ ফলত অধিকাংশ গ্ৰাহক সৰ্বস্বান্ত হোৱাৰ সম্ভাৱনা আছে।

Related News