শীঘ্ৰেই সলনি কৰক আপোনাৰ WhatsAppৰ এই settings, নহলে হেক হব পাৰে আপোনাৰ WhatsApp

আজিকালি WhatsApp হেক হোৱা বাতৰি সমূহ হয়তো নতুন নহয়। কিন্তু আপুনি সহজতে ইয়াৰ পৰা ৰক্ষা পাব পাৰিব মাত্ৰ এটা settings সলনি কৰি।
কেনেকৈ ৰক্ষা পাব আপোনাৰ WhatsApp হেক হোৱাৰ পৰা – ধাপ সমূহ
১. WhatsApp খোলক আৰু ইয়াৰ settingsত ক্লিক কৰক।
২. এতিয়া Account ত ক্লিক কৰক। আপুনি এতিয়া এটা বিকল্প পাব Two-Factor Authentication।
৩. ইয়াক Enable কৰি লওঁক।
ইয়াৰ পাছত আপুনি ৬ অংকৰ এটা PIN বনাব লাগিব আৰু ইয়াৰ লগত আপোনাৰ email সংলগ্ন কৰিব লাগিব। ৬ অংকৰ PIN টোৰ ফলত আপুনি যেতিয়াই নতুন ফোনত আপোনাৰ WhatsApp খুলিব, ইয়াক অনুমতি দিলেহে আপুনি WhatsApp চলাব পাৰিব।
লগতে চাওক – কাইলৈৰ পৰা লাখ লাখ স্মাৰ্টফোনত নাপাব WhatsAppৰ আপডেট; চাই লওক আপোনাৰটোও
আপুনি ভুলবশত যদি WhatsApp ডিলিট বা আনইনষ্টল কৰে, অথবা আনকোনোবাই আপোনাৰ WhatsApp খুলিব খোজে, তেন্তে ৬ অংকৰ PINটো অন্তৰ্ভুক্ত কৰিলেহে ইয়াক ব্যবহাৰ কৰিব পাৰিব।
যদি PIN অন্তৰ্ভুক্ত কৰাত ভূল হয়, তেন্তে আপুনি এই তথ্য email যোগে লাভ কৰিব।