NORTHEAST NOW (Assamese)
দেশ

হায়দৰাবাদত শোকাৱহ ঘটনা: গিজাৰ বিস্ফোৰণে প্ৰাণ ল’লে নৱবিবাহিত দম্পতীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2022 9:40 am
Geyser explosion

বাথৰুমৰ গিজাৰ বিস্ফোৰণৰ ফলত বৃহস্পতিবাৰে প্ৰাণ হেৰুৱাইছে এহাল নৱবিবাহিত দম্পতীয়ে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ লাংগৰ হাউজ অঞ্চলত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে নিশা ৯.৩০ বজাত আৰক্ষীয়ে অঞ্চলটোৰ এগৰাকী স্থানীয় নেতাৰ জৰিয়তে বিস্ফোৰণৰ খবৰ লাভ কৰিছিল।

খবৰ পোৱাৰ পিছতে নিশাৰ কৰ্তব্যৰত বিষয়াসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু কোঠাৰ ভিতৰত দুটা মৃতদেহ উদ্ধাৰ কৰে।

মৃত ব্যক্তি দুগৰাকীক ২৬ বৰ্ষীয় চৈয়দ নিচাৰুদ্দিন আৰু তেওঁৰ পত্নী, ২২ বৰ্ষীয় উম্মে মহিমিন চাইমা বুলি চিনাক্ত কৰে আৰক্ষীয়ে।

মৃত চৈয়দ নিচাৰুদ্দিন পেচাত এগৰাকী চিকিৎসক আৰু তেওঁৰ পত্নী চাইমা এমবিবিএছৰ অন্তিম বৰ্ষৰ ছাত্ৰী বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

শ্বৰ্ট চাৰ্কিটৰ ফলতে দম্পতীহালৰ ঘৰৰ বাথৰুমৰ গিজাৰটোৰ বিস্ফোৰণ হোৱা বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে।