NORTHEAST NOW (Assamese)
দেশ

“মানুহক পৰিষ্কাৰ বায়ুত উশাহ ল’বলৈ দিয়ক, আপোনাৰ ধন মিঠাইতে খৰচ কৰক”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2022 10:51 am
Supreme Court On Delhi Crackers Ban

আগন্তুক দিপাৱলী উৎসৱত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ শাসনাধিষ্ঠ আপ চৰকাৰে প্ৰদেশখনত আতচবাজীৰ ব্যৱহাৰৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই বিজেপি সাংসদ মনোজ তিৱাৰীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন নাকচ কৰিছে শীৰ্ষ আদালতে।

জৰুৰী শুনানিৰ বিচাৰি দাখিল কৰা আবেদন প্ৰত্যাখ্যান কৰি বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বিজেপি সাংসদগৰাকীক সুস্থ পৰিৱেশৰ স্বাৰ্থত আতচবাজীৰ নামত খৰচ কৰিব বিচৰা ধন মিঠাইৰ নামত খৰচ কৰিবলৈ পৰামৰ্শ দিয়ে।

দিল্লী চৰকাৰৰ আতচবাজী নিষেধাজ্ঞা নীতিৰ বিৰুদ্ধে মনোজ তিৱাৰীয়ে ১০ অক্টোবৰত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কালি এই আবেদনৰ শুনানিৰ সময়ত শীৰ্ষ আদালতে দিল্লীৰ প্ৰদূষণৰ মাত্ৰা দেখা পাইছে নে বুলি আবেদনকাৰী তিৱাৰীক প্ৰশ্ন কৰে।

তিৱাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে পুনৰ জৰুৰী শুনানিৰ আহ্বান জনোৱাৰ পিছতে আদালতে কয়, “মানুহক উশাহত পৰিষ্কাৰ বায়ু ল’বলৈ দিয়ক, আপোনাৰ ধন মিঠাইতে খৰচ কৰক।”

উল্লেখ্য যে একাংশ হিন্দুত্ববাদী সংগঠন তথা সোঁ-পন্থী গোটে দেৱালীত আতচবাজীৰ ওপৰত দিয়া নিষেধাজ্ঞাক পৰম্পৰাগত প্ৰথাৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা বুলি অভিযোগ কৰিছে।

এনে অভিযোগেৰে ইতিপূৰ্বে দিল্লী উচ্চ ন্যায়ালয়তো নিষেধাজ্ঞা প্ৰত্যাহাৰ বিচাৰি আবেদন দাখিল কৰিছিল যদিও উচ্চ ন্যায়ালয়ে এই আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।