NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

ঘিউৰ দ্বাৰা কমিব আপোনাৰ শৰীৰৰ ওজন! জানো আহক ইয়াৰ ব্যৱহাৰৰ বিধি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 18, 2024 1:06 pm
ঘিউৰ দ্বাৰা কমিব আপোনাৰ শৰীৰৰ ওজন! জানো আহক ইয়াৰ ব্যৱহাৰৰ বিধি

ঘিউ আমাৰ শৰীৰৰ বাবে উপকাৰী নে অপকাৰী! এই সন্দৰ্ভত বিশেষজ্ঞসকলে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। আনকি কোনসকল লোকে ঘিউ খোৱা উচিত নহয়, তাৰো পৰামৰ্শ দিছে বিশেষজ্ঞসকলে।

বিশেষজ্ঞৰ মতে, খালী পেটত ঘিউ খালেই দ্ৰুতগতিত হ্ৰাস পায় ওজন। আচৰিত হ’লেও কিন্তু এয়া সত্য। দৰাচলতে ঘিউত প্ৰচুৰ পৰিমাণে ফেটি-এচিড থাকে। ইয়াৰ ফলত শৰীৰত মেডাবলিক ৰেট বৃদ্ধি পায়। সেয়ে ওজন কমোৱাৰ বাবে খালী পেটত দৈনিক এচামুচ ঘিউ খোৱাটো উপকাৰী।

সুন্দৰ আৰু মসৃণ ছালৰ বাবে ঘিউৰ কোনো বিকল্প থাকিব নোৱাৰে। ঘিউত প্ৰচুৰ পৰিমাণে এ, ডি, ই আৰু কে ভিটামিন থাকে। যিয়ে ছালক হাইড্ৰেট কৰি ৰখাত আৰু সৌন্দৰ্য প্ৰদান কৰাত সহায় কৰে।

কেৱল আধুনিক যুগৰ খাদ্য নহয়, আয়ুৰ্বেদ শাস্ত্ৰতো ঘিউৰ গুৰুত্ব আছে। ঘিউে শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ বাহিৰ কৰে।