NORTHEAST NOW (Assamese)

জি আই এম টি, তেজপুৰত শক্তি খণ্ডত সংৰক্ষণ আৰু হিচাপ পৰীক্ষণ বিষয়ক কৰ্মশালা

September 16, 2019 4:18 pm · এন ই নাও নিউজ

তেজপুৰস্থিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী (জি আই এম টি) তেজপুৰত আজি ‘শক্তি খণ্ডত সংৰক্ষণ আৰু হিচাপ পৰীক্ষণ’ বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত হয়।

কৰ্মশালাখন মহাবিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ তৰফৰ পৰা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল।

সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁত ধৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় শক্তি প্ৰশিক্ষণ প্ৰতিষ্ঠান, গুৱাহাটীৰ মুখ্য কাৰ্যবাহী অধ্যক্ষ সঞ্জয় ভি মালপেকে। তেওঁক ফুলাম গামোচা আৰু এটা স্মাৰকে আদৰণি জনায় মহাবিদ্যালয়ৰ অধ্যক্ষ বুলজিৎ বুঢ়াগোহাঁয়ে।

মালপেকে শক্তি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ লগতে শক্তি খণ্ডৰ হিচাপ পৰীক্ষণ সম্পৰ্কত বিষদ বাখ্যা আগবঢ়ায় । ভাষণৰ শেষত তেওঁ ছাত্ৰ-ছাত্ৰীৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত ভাগ লয়।

শেষত সহকাৰী অধ্যাপক দীপাংকৰ কলিতাই সকলোকে ধন্যবাদ জনায় কৰ্মশালাৰ সামৰণি ঘোষণা কৰে।

Related News