NORTHEAST NOW (Assamese)
অসম

GIMT-ৰ উদ্যোগত ৩ মাৰ্চত প্ৰাইজমানি মাৰাথন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2020 9:00 pm
Marathon

গিৰিজানন্দ চৌধুৰী ইষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লোজি(জিআইএমটি) আৰু গিৰিজানন্দ চৌধুৰী ইষ্টিটিউট অব ফাৰ্মাচিউটিকেল চায়েঞ্চে(জিআইপিএছ)তেওঁলোকৰ বাৰ্ষিক অনুষ্ঠান ইউফিজিয়ামৰ অংশস্বৰূপে প্ৰাইজমানি মাৰাথন অনুষ্ঠিত কৰিছে।

৩ মাৰ্চত এই প্ৰাইজমানি মাৰাথন অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে ২ মাৰ্চ।

এই মাৰাথন দৌৰ সকলোৰে বাবে মুকলি তথা পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথককৈ অনুষ্ঠিত হ’ব।

এই মাৰাথন দৌৰ আজৰাস্থিত গিৰিজানন্দ কেম্পাছৰ পৰা আৰম্ভ হৈ ভি আই পি উৰণীয়া সেঁতুৰ তলেৰে য়ু টাৰ্ণ লৈ পুনৰ প্ৰতিষ্ঠানখনৰ কেম্পাছত সমাপ্ত হ’ব।

মাৰাথনত বিজয়ী প্ৰথম তিনিগৰাকী পুৰুষ আৰু মহিলাই প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ বাবে ক্ৰমে ৮০০০, ৫০০০ আৰু ৩০০০ টকা লাভ কৰিব।

মাৰাথন অংশগ্ৰহণৰ বাবে অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে পঞ্জীয়ন কৰিব পৰা যাব আৰু কলেজ ষ্টুডেণ্টৰ বাবে ই বিনামূলীয়া হ’ব।

পঞ্জীয়নৰ বাবে bit.ly/gimtrun2020 লিংকলৈ যাব পাৰে অথবা হিমাংশু শেখৰ(৮৪৭২০৪২৭৭২), আলোকোজ্জ্বল দাস(৭৩৯৯৩০০০৭৮) আৰু নয়নাভ দাস (৭০০২০০৮৯৩৫)ৰ সৈতে যোগাযোগ কৰিব পাৰে।