NORTHEAST NOW (Assamese)

দেশৰ ১২৫ তম শীৰ্ষ স্থানত জি চি ইউ-ৰ অধীনস্থ গিৰিজানন্দ চৌধুৰী ইনষ্টটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ

June 9, 2023 10:28 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ নেচনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্কে (NIRF) ২০২৩ বৰ্ষৰ ভাৰতৰ শিক্ষানুষ্ঠানসমূহৰ ৰেংকিং যোৱা ৫ জুন ২০২৩ তাৰিখে ঘোষণা কৰে।

এইক্ষেত্ৰত অসমৰ বাবে আনন্দৰ কথা এই যে বৰ্তমান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গিৰিজানন্দ চৌধুৰী ইনষ্টটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চে ভাৰতবৰ্ষৰ সকলো ফাৰ্মাছিউটিকেল প্ৰতিষ্ঠানৰ ভিতৰত ১২৫ তম শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্কে (NIRF) মুঠ পাঁচটা পেৰা মিটাৰত এই মান নিৰূপণ কৰে। তাৰ ভিতৰত আছে টিচিং লাৰ্নিং ৰিচাৰ্চ ( TLR) , ৰিচাৰ্চ এণ্ড প্ৰফেচনেল প্ৰেকটিছ(RP), গ্ৰেজুৱেশ্যন আউটকাম(GO) আউটৰিটচ্ এণ্ড ইনকুচিভিটি (OI) আৰু পাৰ্চেপশ্যন(PR)।

ভাৰতবৰ্ষৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ মান নিৰ্ণয় কৰা এই এন আই আৰ এফে ( NIRF) শিক্ষা প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ মান উন্নীত কৰাৰ লগতে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক শিক্ষানুষ্ঠান নিৰ্বাচন কৰাত যথেষ্ট সহায় কৰে।

২০০৭ চনত স্থাপিত হোৱা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন অগ্ৰণী প্ৰতিষ্ঠান হিচাপে চিহ্নিত হৈ আহিছে আৰু বৰ্তমান লাভ কৰা এই সাফল্যই ইয়াক আৰু মজবুত কৰি তুলিছে।

Related News