NORTHEAST NOW (Assamese)
অসম

লিডুৰ অবৈধ ‘ৰেট হোল’ খনিত নিহত দুজন কয়লা খননকাৰী শ্ৰমিক

Posted by: অভিক চক্ৰৱৰ্তী, ডিব্রুগড় Updated by: অভিক চক্ৰৱৰ্তী, ডিব্রুগড় June 9, 2023 10:09 am

তিনিচুকীয়া জিলাৰ লিডুত অবৈধ ‘ৰেট হোল’ খনিত নিহত হৈছে দুজন কয়লা খননত কাম কৰা শ্ৰমিকৰ।

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী থানাৰ অন্তৰ্গত মলো পাহাৰ অঞ্চলৰ ৰেট হোল খনিৰ পৰা বুধবাৰে দুজন খনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

লিডুৰ অবৈধ খনিটোত মিথেনৰ দৰে কিছু বিষাক্ত গেছত উশাহ লোৱাৰ ফলত তেওঁলোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

নিহত খনি শ্ৰমিক দুজনৰ ভিতৰত এজন লিডুৰ ইটাখুলি অঞ্চলৰ বাসিন্দা নয়ন ফুকন বুলি জানিব পৰা গৈছে।

সূত্ৰই জনোৱা মতে, তেওঁলোকে লিডুত কয়লাৰ অবৈধ ব্যৱসায় চলোৱা কিটেশ দেৱনাথৰ অধীনত কাম কৰিছিল।

এক সূত্ৰই কয়, ‘ৰেট হোল খনিত এতিয়ালৈকে বহু যুৱকৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই দৰিদ্ৰ শ্ৰেণীৰ আৰু কয়লাৰ অবৈধ ক্ৰয়ৰ সৈতে জড়িত আছিল। কেইমাহমান আগতে লিডু অঞ্চলত ৰেট হোল খনিত মৃত্যু হৈছিল মাকুমৰ এজন যুৱকৰ। প্ৰাঞ্জল মৰাণ নামৰ যুৱকজনৰ মৃতদেহ তিনিমাহৰ অন্তত ৰেট হোল খনিৰ পৰা উদ্ধাৰ কৰা হয়।’

প্ৰাঞ্জল মৰাণৰ বিধৱা পত্নী উৰ্ৱশী মৰাণ (২৪)য়ে কৈছিল, ‘’চলিত বৰ্ষৰ জানুৱাৰী মাহত মই মোৰ স্বামীক অবৈধ ৰেট হোল খননত হেৰুৱাইছিলো যদিও তেওঁলোকে আমাক খবৰ দিয়া নাছিল আৰু গোপনে তেওঁৰ মৃতদেহ কয়লা খনিৰ এলেকাত পুতি থৈছিল। দীৰ্ঘদিনীয়া যুঁজৰ অন্তত ৭ এপ্ৰিলত টিৰাপ কলিয়াৰীৰ ৰেট-হোল খনিৰ পৰা আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। অধিক ধন উপাৰ্জনৰ বাবে প্ৰাঞ্জলে কয়লা খননৰ কামত যোগদান কৰিছিল। কয়লা নিষ্কাশনৰ সময়ত অসমৰ গোৱালপাৰা, নলবাৰীৰ দৰে ঠাইৰ পৰা নিযুক্তি দিয়া বহু কয়লা শ্ৰমিকৰ মৃত্যু হৈছিল যদিও কয়লা মাফিয়াই এনে ঘটনা ঢাকি ৰাখে আৰু পৰিয়ালৰ লোকক খবৰ নিদিয়ে”।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত লিডুৰ এটা অবৈধ “ৰেট হোল” খনিত কমেও তিনিজন শ্ৰমিকৰ মৃত্যু হৈছিল।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু লিডুত অবৈধ ‘ৰেট হোল’ খনি গঢ়ি উঠিছে। কয়লা সৰবৰাহকাৰীয়ে অঞ্চলটোত সংগঠিত ৰেকেট চলায়।

এজন আৰক্ষী বিষয়াই কয়, ‘’ ‘ৰেট হোল’ খনন নিষিদ্ধ, কিন্তু অঞ্চলটোৰ কিছু অংশত এতিয়াও এনে খনি চলি আছে। আমি যেতিয়াই কোনো তথ্য পাওঁ তেতিয়াই এনে খনি উৎখাত কৰো।‘’