NORTHEAST NOW (Assamese)
অসম

অথলে গ’ল ৫০ ঘণ্টীয়া সংগ্ৰাম! মধ্যপ্ৰদেশৰ কুঁৱাত পৰি মৃত্যু আঢ়ৈ বছৰীয়া শিশুকন্যাৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 9, 2023 9:27 am

গাঁৱৰে দ কুঁৱা এটাত পৰি গৈছিল আঢ়ৈ বছৰীয়া কন্যা শিশুটি। মঙলবাৰে গভীৰ নিশা কুঁৱাটোত পৰিছিল সৃষ্টি কুমাৰী নামৰ কণমানি গৰাকী। তাৰপিছৰ পৰাই যুঁজ চলিছিল। ৰবটৰো ব্যৱহাৰ কৰা হৈছিল। ৫০ ঘণ্টাৰ যুঁজৰ অন্তত কণমানিটিক উদ্ধাৰ কৰা হয় যদিও জীৱন ৰক্ষা কৰিব পৰা নগ’ল। মধ্যপ্ৰদেশৰ শিশু কন্যাটিয়ে মৃত্যুক সাৱটি ল’লে।

জানিব পৰা মতে, মঙলবাৰে নিশা ১ বজাত ৩০০ ফুট দ কুঁৱাত বাগৰি পৰে সৃষ্টি কুমাৰী। কিন্তু প্ৰথম অৱস্থাত তাই ৪০ ফুট গভীৰতাত আবদ্ধ হৈ পৰিছিল। কিন্তু পিছত ছোৱালীজনী পিছলি ১০০ ফুট গভীৰতালৈ নামি যায়।

লগতে পঢ়ক: চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

অৱশেষত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত তাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলটোৱে। উদ্ধাৰ অভিযানত সেনাইও অংশ লৈছিল। ছোৱালীজনীক জীয়াই ৰাখিবলৈ পাইপৰ জৰিয়তে অক্সিজেনো যোগান ধৰা হৈছিল।

কিন্তু বুধবাৰে উদ্ধাৰ অভিযানৰ বাবে অনা সঁজুলিৰ কম্পনৰ বাবে ছোৱালীজনী আৰু তললৈ পৰি যায়। ১০০ ফুট গভীৰলৈ নামি যায়। প্ৰায় এদিন পিছত বৃহস্পতিবাৰে তেওঁক উদ্ধাৰ কৰা হয় যদিও জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ’ল।

লগতে পঢ়ক: চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

উদ্ধাৰৰ সময়তে তাইৰ অৱস্থা সংকটজনক হোৱা যেন দেখা গৈছিল। অৱশেষত ভয়টোৱে সঁচা হৈ পৰিল। আঢ়ৈ বছৰীয়া মৰমলগা শিশু কন্যাটিক আৰু বচাব পৰা নগ’ল।