DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2023 8:37 pm
402
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ কৃতি ছাত্ৰী প্ৰিয়া কুমাৰীৰ মৃত্যুত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। প্ৰিয়াই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০% ৰ অধিক নম্বৰ পাই সকলো বিষয়তে লেটাৰ নম্বৰসহ উত্তীৰ্ণ হৈছিল।

এই মৰ্মান্তিক ঘটনাৰ বাবে চৰকাৰে উন্নয়নৰ নামত কৰি থকা অপৰিকল্পিত কামেই দায়ী বুলি ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে। ইতিমধ্যে প্ৰিয়া কুমাৰীৰ মৃত্যুৰ বাবে পথৰ ওপৰত কৰা গাঁ‌তেই কাৰণ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

ৰাষ্টাৰে ৰয়েল গ্ল’বেল স্কুলৰ বাছখনৰ লগে লগে স্কুটীখনো গৈ আছিল৷ সেই ৰাষ্টাৰ মাজতে চৰকাৰী বিভাগে প্ৰকাণ্ড গাঁত এটা খান্দি থৈছে। সমগ্ৰ গুৱাহাটীতে পানীৰ পাইপ, গেছৰ পাইপ, বিদ্যুতৰ কেবল সংযোগ আদি কামৰ বাবদ যধেমধে ৰাষ্টা খন্দা হৈছে ৷ ৰাষ্টাত চৰকাৰী বিভাগে খান্দি থোৱা তেনে প্ৰকাণ্ড গাঁত অতিক্ৰম কৰিব লওতেই কৰুণ দুৰ্ঘটনাটো ঘটিল।

যোৱা ২৫ মে’ত পানীযোগান প্ৰকল্পৰ পাইপ ফুটি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে বহুতো মানুহ আহত হৈছিল আৰু প্ৰচুৰ ধন সম্পত্তিৰো ক্ষতি হৈছিল। কিন্তু চৰকাৰ অথবা বিভাগে এই ঘটনাৰ পৰা কোনো শিক্ষা নল’লে।

গুৱাহাটীত পানী যোগান, বিদ্যুতৰ খুঁ‌টা পোতা আদি কামৰ নামত সঘনাই ব্যস্ত পথৰ ওপৰত গাঁ‌ত খন্দাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। চৰকাৰৰ আৰু বিভিন্ন বিভাগৰ এই অপৰিকল্পিত কামৰ বাবে দল-সংগঠনৰ লগতে ৰাইজে চৰকাৰক অভিযোগ কৰি আহিছিল। কিন্তু দুখৰ বিষয় যে আজিলৈ চৰকাৰ অথবা বিভাগসমূহে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ পৰিণতিত মেধাবী ছাত্ৰী প্ৰিয়া কুমাৰীয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল। এই দোষৰ পৰা চৰকাৰে কোনো প্ৰকাৰেই নিজক মুক্ত কৰিব নোৱাৰে।

লগতে পঢ়ক: গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?

ডি ৱাই এফ আইয়ে দাবী কৰিছে চৰকাৰে অবিজ্ঞানসন্মত কাম বন্ধ কৰি জনতাৰ জীৱন সম্পত্তিৰ নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক। যি বিষয়া-কৰ্মচাৰীৰ অপৰিকল্পিত কামৰ বাবে প্ৰিয়া কুমাৰীৰ মৃত্যু হ’ল তেনে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে গোচৰ ৰুজু কৰক আৰু  প্ৰিয়াৰ দুৰ্ভগীয়া পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰক।

Recent News

বিজেপিত গৃহকন্দল! কেন্দ্ৰীয় মন্ত্ৰী সুভাষ চৰকাৰৰ বিৰুদ্ধে টায়াৰ জ্বলাই প্ৰতিবাদ বিজেপি কৰ্মীৰ

বিজেপিত গৃহকন্দল! কেন্দ্ৰীয় মন্ত্ৰী সুভাষ চৰকাৰৰ বিৰুদ্ধে টায়াৰ জ্বলাই প্ৰতিবাদ বিজেপি কৰ্মীৰ

জাইকাই পাতিছে মৰণফান্দ, মহানগৰীত জাইকাই খন্দা গাঁতত পৰি প্ৰাণ হেৰুৱালে যুৱকে

জাইকাই পাতিছে মৰণফান্দ, মহানগৰীত জাইকাই খন্দা গাঁতত পৰি প্ৰাণ হেৰুৱালে যুৱকে

দৰঙত এডিচিৰ পৰিচয় দি ভূমি বিবাদ নিষ্পত্তি কৰিবলৈ যোৱা মহিলাক আটক আৰক্ষীৰ!

দৰঙত এডিচিৰ পৰিচয় দি ভূমি বিবাদ নিষ্পত্তি কৰিবলৈ যোৱা মহিলাক আটক আৰক্ষীৰ!

গুৱাহাটীত ব্যৱসায়ীৰ ঘৰত অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ; লুটি নিলে ১০ লাখ টকাৰ মূল্যৱান সামগ্ৰী

গুৱাহাটীত ব্যৱসায়ীৰ ঘৰত অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ; লুটি নিলে ১০ লাখ টকাৰ মূল্যৱান সামগ্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd