DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2023 7:27 pm
365
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে (০৮ জুন) গুৱাহাটী মহানগৰীৰ ৰাজধানী মছজিদ অঞ্চলত সংঘটিত হোৱা একাদশ শ্ৰেণীৰ ছাত্ৰীৰ প্ৰাণ কাঢ়ি নিয়া পথ দুৰ্ঘটনাৰ চিচিটিভি ফুটেজ ‘ফাদিল’ (লিক)কৰাৰ অভিযোগত কমেও তিনিগৰাকী অসম চৰকাৰৰ বিষয়াক নিলম্বন কৰা হৈছে।

নিলম্বিত তিনিগৰাকী বিষয়াৰ ভিতৰত এগৰাকী অসম বিধানসভাৰ মাৰ্শ্বাল।

অনুমতি অবিহনে চিচিটিভিৰ ফুটেজ সংবাদ মাধ্যমৰ সৈতে শ্বেয়াৰ কৰাৰ বাবে নিলম্বন কৰা হৈছে তিনিওগৰাকী বিষয়াক।

নিলম্বিত অসম বিধানসভাৰ মাৰ্শ্বালগৰাকীৰ নাম সঞ্জীৱ ৰায়।

লগতে পঢ়ক: গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?

দুৰ্ঘটনাৰ পিছতে কামৰূপ-মেট্ৰ’ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত ৰাস্তা খন্দাত নিয়োজিত সকলো সংস্থাৰ উপস্থিতিত সুৰক্ষাৰ সতৰ্কতা আৰু ব্যৱস্থাসমূহ পুনৰীক্ষণৰ বাবে এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়।

কামৰূপ-মেট্ৰ’ জিলা প্ৰশাসনে জনায়, ‘কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু ভুল কৰা সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে চিচিটিভিৰ ফুটেজ ব্যাপকভাৱে প্ৰচাৰিত হোৱাৰ লগে লগে এই মৰ্মান্তিক দুৰ্ঘটনাৰ আঁৰত প্ৰকৃততে কাৰ দোষ আছে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।

দুৰ্ঘটনাটোৰ বাবে স্কুল বাছখনৰ চালকজন দায়ী আছিল নেকি? দেখাত তেনেকুৱা যেন লগা নাই৷

এই শোকাৱহ ঘটনাৰ বাবে দোষী নেকি চৰকাৰ? হয়তো হয়।

নির্মাণ কার্যত নিয়োজিত কর্তৃপক্ষ আৰু সংস্থাই পথৰ গাঁতবোৰ সময়মতে ভৰাই মাৰি পেলোৱা নাই৷

লগতে পঢ়ক: ৰেগিঙৰ বিৰোধিতা কৰাৰ বাবে গুৱাহাটীৰ বিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰৰ দলে প্ৰহাৰ কৰিলে ছাত্ৰৰ পিতৃক!

তদুপৰি, এতিয়া চৰকাৰে মেনহ’ল পূৰণৰ কাম কৰাৰ পৰিৱৰ্তে চিচিটিভিৰ ফুটেজ ‘ফাদিল’ কৰাসকলৰ বিৰুদ্ধে কাম কৰিবলৈ চেষ্টা কৰাৰহে অভিযোগ উঠিছে।

উল্লেখ্য যে আজি পুৱাৰ ভাগত এক শোকাৱহ দুৰ্ঘটনাত মহানগৰী গুৱাহাটীৰ ৰাজধানী মছজিদ অঞ্চলত এখন স্কুল বাছে মহতিয়াই নিয়াৰ ফলত একাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল।

নিহত ছাত্ৰীগৰাকীক গুৱাহাটীৰ লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী বুলি চিনাক্ত কৰা হৈছে।

তেওঁৰ ওপৰেৰে যোৱা স্কুল বাছখন ৰয়েল গ্ল’বেল স্কুলৰ আছিল।

ভগ্নীৰ সৈতে স্কুটিৰে গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ স্কুললৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় সকলোৱেই ছোৱালীজনীৰ প্ৰাণ কাঢ়ি লোৱা দুৰ্ঘটনাটোৰ বাবে স্কুল বাছ চালকজনক দোষাৰোপ কৰিবলৈ তৎপৰ হৈ পৰে।

লগতে পঢ়ক: বৰ্ণিহাটৰ জলপ্ৰপাতত ডুবি মৃত্যু অসমৰ যুৱকৰ

বহুতে দাবী কৰা মতে, AS-01-PC-7411 নম্বৰৰ স্কুল বাছখন পিছফালৰ পৰা ওচৰ চাপি আহি স্কুটাৰখনৰ সৈতে খুন্দা মৰাৰ ফলত দুয়োজন স্কুটাৰ আৰোহী পথত বাগৰি পৰে।

কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰিয়া কুমাৰীয়ে প্ৰায় লগে লগে, কোনো ধৰণৰ চিকিৎসা সাহায্য লাভ কৰাৰ আগতেই নিজৰ আঘাতৰ বাবে মৃত্যুবৰণ কৰে।

স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰি দুৰ্ঘটনাটোৰ কাৰণ বাছখনৰ “দ্ৰুত গতি” বুলি জানিবলৈ দিয়ে।

অৱশ্যে অঞ্চলটোৰ চিচিটিভিৰ ফুটেজে বেলেগ এখন ছবিহে দাঙি ধৰিছে।

এই ফুটেজত বাছখন দুৰ্ঘটনাৰ বাবে দায়ী বুলি কৰা দাবীক দুৰ্বল কৰি তুলিছে।

চিচিটিভিৰ ফুটেজত আচলতে দেখা গৈছে যে দুৰ্ঘটনাটোত জড়িত স্কুল বাছখন পূৰ্বে দাবী কৰা ধৰণে “দ্ৰুত গতি’ত নাছিল।

দৰাচলতে বাছখন যথেষ্ট সাধাৰণ গতিৰে পাৰ হৈ গৈছিল।

স্কুল বাছখনে লেন সলনি কৰা নাছিল আৰু কাষৰ পৰাও স্কুটাৰখনত খুন্দা মৰা নাছিল।

স্কুল বাছখনৰ পিছফালে থকা স্কুটিখনেই বাওঁফালৰ পৰা অভাৰটেক কৰিবলৈ চেষ্টা কৰিছিল। স্কুটাৰখনে বাছখনক অভাৰটেক কৰিবলৈ চেষ্টা কৰি থাকোঁতে ৰাস্তাৰ সন্মুখত চাৰিওফালে মাটিৰে ঠাহ খাই থকা এটা বিশাল গাঁত হঠাতে স্কুটাৰখনৰ সন্মুখত দেখা গ’ল।

লগতে পঢ়ক: ‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

স্কুটিৰ আৰোহীয়ে গাঁতটোৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰিছিল যদিও সেয়া কৰিব নোৱাৰিলে আৰু এই প্ৰক্ৰিয়াত দুচকীয়া বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পৰি যায়।

ভুক্তভোগী  প্ৰিয়া কুমাৰী বাছখনৰ তললৈ সোমাই আহে আৰু বাছখন ওপৰেৰে যোৱাৰ ফলত মৃত্যুক সাৱটি ল’বলগীয়া হয়।

Recent News

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd