NORTHEAST NOW (Assamese)
মণিপুৰ

হিংসাজৰ্জৰ মণিপুৰৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ৰেহাই গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 18, 2023 2:53 pm
Manipur Girijananda Chowdhury University

গোষ্ঠীগত সংঘৰ্ষৰ ফলশ্ৰুতিত তিনিমাহতকৈ অধিক সময় ধৰি অশান্ত হৈ আছে মণিপুৰ। এনে হিংসাত্মক পৰিস্থিতিৰ ফলত প্ৰায় ৰুদ্ধ হৈ পৰিছে শৈক্ষিক পৰিৱেশ।

এনে সময়তে হিংসাজৰ্জৰ মণিপুৰৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাৰ ক্ষেত্ৰত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ঘোষণা কৰিছে বিশেষ ৰেহাই।

গুৱাহাটীৰ আজাৰাস্থিত বিশ্ববিদ্যালয়খনে মণিপুৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ শতাংশ মাচুল ৰেহাই ঘোষণা কৰিছে।

ৰাজ্যখনৰ হিংসাত্মক সংঘৰ্ষই প্ৰভাৱ পেলোৱা অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে যোগ্যতাৰ ভিত্তিত এই বিশেষ ৰেহাই লাভ কৰিব।

 

বিশ্ববিদ্যালয়খনত কলা, বাণিজ্য, বিজ্ঞান এই আটাইকেইটা শাখাৰে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমৰ লগতে BSW, MSW, B.Pharm, B.Tech সহ অন্যান্য স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰম উপলব্ধ।

ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয়খনৰ কাৰ্যালয়ৰ যোগাযোগ নম্বৰ 7099034050, 7099004701/2/3/4/5 ত ফোন যোগে যোগাযোগ কৰিব পাৰে অথবা অফিচিয়েল ৱেবছাইট https://gcuniversity.ac.in ত চাব পাৰে।