NORTHEAST NOW (Assamese)
অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প দাসে লাভ কৰিলে অনবদ্য ৰাছিয়ান সন্মান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 20, 2024 11:15 am

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসক কনচৰ্টিয়াম অৱ এডুকেচনেল এণ্ড চাইন্টিফিক অৰ্গেনাইজেশ্যনৰ ৰাছিয়ান কাউন্সিলে “ৰাছিয়ান এডুকেচন এণ্ড ছায়েন্সৰ ৰাষ্ট্ৰদূত” সন্মানীয় উপাধিৰে সন্মানিত কৰিছে।

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অধ্যাপক দাসক ভাৰতত ৰাছিয়ান ভাষা, সংস্কৃতি, শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে এই উপাধিৰে সন্মানিত কৰা হয়।

মস্কো ষ্টেট ইউনিভাৰ্চিটিৰ পৰা ৰাছিয়ান সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰা অধ্যাপক দাস ৰাছিয়ান অধ্যয়ন, তুলনামূলক সাহিত্য, সাংস্কৃতিক অধ্যয়ন, আৰু মুক্ত আৰু দূৰ শিক্ষাৰ কামৰ বাবে পৰিচিত।

২০২৪ চনৰ ২৭ জুনত কনচৰ্টিয়াম কাউন্সিলৰ বৈঠকৰ সময়ত এই সন্মানীয় উপাধিটো প্ৰদান কৰা হয়। ২০২৪ চনৰ ২৭-২৮ নৱেম্বৰত মস্কোত অনুষ্ঠিত হবলগীয়া আনুষ্ঠানিক সমাৰোহলৈও অধ্যাপক দাসক এই সন্মানৰ সৈতে জড়িত স্মাৰক গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। কনচৰ্টিয়ামে তেওঁৰ ভ্ৰমণ আৰু থকাৰ খৰচ বহন কৰিব।

ইয়াৰ পূৰ্বে অধ্যাপক দাসক ২০২৩ চনত ৰাছিয়াই পুষ্কিন পদক প্ৰদান কৰিছিল। নতুন দিল্লীৰ ৰাছিয়ান হাউছে তেওঁক এই শেহতীয়া স্বীকৃতিৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।