NORTHEAST NOW (Assamese)
Popular Stories

দুৰন্ত তৰুণ! ৯৮ বছৰ বয়সত মটৰ চাইকেল ৰেচিঙেৰে গঢ়িলে বিশ্ব অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 16, 2023 11:25 am

গতানুগতিক চিন্তাত সেই বয়সৰ মানুহে জীয়াই থাকিলেও লাঠিৰ ওপৰত ভৰ দি খোজ কাঢ়িব লাগে বা বিচনাত পৰি থকা কথা। কিন্তু এই ব্যক্তিজনে বাস্তৱিকতে  দপদপাই ঘুৰি ফুৰিছে। তেওঁ আকৌ মটৰ চাইকেলত প্ৰতিযোগিতাও (ৰেচ) কৰে। ইপিনে, বয়সে শতকৰ ঘৰ স্পৰ্শ কৰাৰ পথত।

তেওঁৰ নাম লেচলি হেৰিছ (৯৮)। নিউজিলেণ্ডত ঘৰ। পুৰুষৰ শাখাত তেওঁ বিশ্বৰ আটাইতকৈ বয়সীয়াল মটৰ চাইকেল ৰেচাৰ। যোৱা বুধবাৰে আনুষ্ঠানিকভাৱে তেওঁক স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে। যোৱা ৫ ফেব্ৰুৱাৰীত তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি নিউজিলেণ্ডৰ অকলেণ্ডত অনুষ্ঠিত ৪৩ সংখ্যক ক্লাছিক মটৰ চাইকেল ফেষ্টিভেলত হেৰিছে এই অভিলেখ গঢ়িছিল। তেতিয়া তেওঁৰ বয়স আছিল ৯৭ বছৰ ৩৪৪ দিন। অৰ্থাৎ তেওঁৰ ৯৮ সংখ্যক জন্মদিনলৈ মাত্ৰ ২১ দিন বাকী আছিল।

দুৰন্ত তৰুণ লেচলি হেৰিছ। ফটো: সংগ্ৰহীত।

এই বয়সতো লেচলি হেৰিছ এই প্ৰতিযোগিতাত বহু পিছ পৰি থকা নাছিল। তেওঁ চতুৰ্থ স্থান দখল কৰে। ইয়াৰ পূৰ্বে ২০১৯ চনত ৯৩ বছৰ বয়সত এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। এই প্ৰতিযোগিতাত তেওঁ ১৭৭ চিচিৰ এখন পুৰণি মডেলৰ মটৰ চাইকেল ব্যৱহাৰ কৰিছিল, যাৰ গতিবেগ প্ৰতি ঘণ্টাত ১৩৪ কিলোমিটাৰ পৰ্যন্ত হয়।

২০২০ চনত ক্লাছিক ফেষ্টিভেলত পাহাৰৰ ওপৰেৰে মটৰ চাইকেল চলাই গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈছিল লেছলি হেৰিছ। মটৰ চাইকেলখন পিছলি পৰাৰ ফলত তেওঁৰ ৬ডাল কামিহাড় ভাঙি যায়। কিন্তু ভাগ্য ভাল যে সোনকালে সুস্থ হৈ উঠে। কৰ’না মহামাৰীৰ বাবে পৰৱৰ্তী দুবছৰ ধৰি এই উৎসৱ অনুষ্ঠিত নহ’ল।

দুৰন্ত তৰুণ লেচলি হেৰিছ। ফটো: সংগ্ৰহীত।

গিনিজৰ মতে, ১৯৫৩ চনত হেৰিছে ৭০ বছৰ বয়সত প্ৰথমখন চৰকাৰী মটৰ চাইকেল দৌৰত অংশগ্ৰহণ কৰিছিল। এইবাৰ তেওঁ আন কেইবাখনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অহা বছৰ ৪৪ সংখ্যক ক্লাছিক মটৰ চাইকেল ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰো আশা কৰিছে তেওঁ।